বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
আলিগড়ত নিষ্ঠুৰ মানৱৰ হাতত মৃত্যুক আকোঁৱালি লোৱা কণমানি টুইংকল শৰ্মাৰ আত্মাৰ শান্তিৰ বাবে আৰু বৰ্তমান দেশ তথা ৰাজ্যত নিত্য সংঘটিত অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে বৰভাগ মহাবিদ্যালয় ছাত্ৰ একতা সভাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে এটা প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰে।লগতে কণমানি টুইংকলৰ হত্যাৰ সুবিচাৰ কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনায়।অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু ছাত্র-ছাত্ৰীসকল উপস্থিত থাকি সাফল্যমণ্ডিত কৰি তোলে৷
- Log in to post comments
- 20 views