ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ উন্নয়নৰ আধাৰশিলা স্থাপন

7777

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

 

নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই বুধবাৰে সমষ্টিটোৰ অন্তৰ্গত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত বিশ লাখ টকা ব্যয় সাপেক্ষে ৰূপায়ণ হ'ব লগা উক্ত আঁচনিখনৰ আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে কয় যে আমাৰ চৰকাৰখনে প্ৰতিটো আঁচনিকে সকলো পৰ্যায়ৰ ৰাইজৰ ওচৰলৈ নিয়াৰ প্ৰয়াস কৰিছে৷মাথো কামবোৰ লেহেমীয়া হ'লে আমাৰ ভাল নালাগে৷আমি প্ৰতিটো কামত অধিক গুৰুত্ব দি আহিছোঁ৷  সকলো উন্নয়নমূলক কামতে ৰাইজেও চকু ৰখাটো দৰকাৰ।তেওঁ কয় যে খেলপথাৰখনৰ উন্নয়নৰ জৰিয়তে বিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰী আৰু অঞ্চলটোৰ ক্ৰীড়ানুৰাগীসকল যথেষ্ট উপকৃত হ'ব ৷

 

ভাষনত বিধায়কগৰাকীয়ে সমষ্টিটোত শিক্ষাৰ ক্ষেত্ৰত তেওঁ লৈ অহা ভূমিকাৰ বিষয়ে উল্লেখ কৰি কয় যে অহা বৰ্ষত উক্ত বিদ্যালয়ে সমষ্টিৰ ভিতৰত সুনাম কৰিবলৈ সক্ষম হবলৈ প্ৰস্তুত হওঁক৷ উল্লেখযোগ্য যে এই খেলপথাৰ উন্নয়ন আঁচনিত খেলপথাৰখনৰ পকীবেৰ আৰু খেলুৱৈৰ এটি সাজ ঘৰ,অনাময় শৌচালয়,চলন্ত পানী যোগান ব্যৱস্থা থাকিব৷ অনুষ্ঠানত নলবাৰী জিলা ক্ৰীড়া বিষয়া স্বমন্দন মুছাহাৰীয়ে অংশগ্ৰহণ কৰি কয় যে জিলাখনত এইবেলি উক্ত যোজনাৰ অধীনত মুঠ বাৰটা আঁচনি ৰূপায়ণ হৈ আছে৷বাৰটাৰ ভিতৰত এইটো অন্তৰ্ভুক্ত হোৱাটো বিদ্যালয়খনৰ সৌভাগ্য আৰু ইয়াক সম্ভৱ কৰি তুলিছে সমষ্টিটোৰ বিধায়কে।

 

বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা পৰিৱেশিত এটি জ্যোতি সংগীতৰে আৰম্ভ কৰা আৰু শিক্ষক ৰবীন চন্দ্ৰ শৰ্মাই আতধৰা অনুষ্ঠানত  নলবাৰী জিলা বিজেপিৰ সভাপতি বনদীপ ডেকা,বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মনোৰঞ্জন বৰুৱা,বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক হৰিদেৱ ভট্টাচাৰ্যৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জীৱেশ্বৰ শৰ্মা,অৱসৰপ্ৰাপ্ত অধ্যক্ষ শচীন্দ্ৰ শৰ্মা বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱা,দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা,আঞ্চলিক পঞ্চায়তৰ সদস্য ফনীনাথ লহকৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক চন্দন ডেকা,বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

Your Comments