ক্ষুদ্ৰবামুণবড়ীত জৰাজীৰ্ণ পথত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো:নিস্ক্ৰিয় জনপ্ৰতিনিধি

asn

চেঙাৰ পৰা সুৰজিৎ পাঠক

 

 সৰুক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত এতিয়াও বিধ্বস্ত হৈ আছে একাংশ গ্ৰাম্য পথ। সমষ্টিটোৰ ক্ষুদ্ৰ বামুণবড়ীতো বিধ্বস্ত হৈ পৰিছে গ্ৰাম্যপথ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৌলাশাল গাঁৱৰ পকী পথৰ পৰা সংলগ্ন বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ক্ষুদ্ৰবামুণবড়ী হৈ সৰ্থেবাৰী ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱৰ যাতায়তৰ একমাত্ৰ সংযোগী পথটো বছৰ বছৰ ধৰি বিধ্বস্ত হৈ থকাত জীয়াতু ভুগিছে সৰ্বসাধাৰণ ৰাইজে।

 

বাৰিষা হ'লেই পথটোৰে চলাচল কৰাটো দুৰ্বিসহ হৈ পৰে । প্ৰায় বিশখন গাঁৱৰ মানুহে যাতায়ত কৰা এই পথটোত বৰ্তমান বহু প্ৰকাণ্ড গাঁত হোৱাৰ লগতে মূল পথটোৰ প্ৰায় এশ মিটাৰ বছৰ বছৰ ধৰি ভগ্ন অৱস্থাত আছে।ছাত্ৰ- ছাত্ৰীৰ লগতে ব্যৱসায়ীসকলে নাওৰে পাৰ হ'বলগীয়া হয় ভগা অংশ । তথাপি কাণসাৰ নাই জনপ্ৰতিনিধিৰ। 


জনপ্ৰতিনিধিৰ উদাসীনতাৰ বাবেই বুধবাৰে পথটোৰ ভগ্নাংশত ক্ষুদ্ৰ বামুণবড়ীৰ লগতে দুই-তিনিখন গাঁৱৰ ৰাইজে লগ হৈ শ্ৰমদানেৰে এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰে ।

Your Comments