গোলাঘাটৰ ডলী ৰয়ক ১১ দিনৰ বাবে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ 

rr

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন

 

মঙলবাৰৰ নিশা গোলাঘাট আৰক্ষীয়ে চহৰখনৰ ৪ নং ৱাৰ্ডৰ বাসিন্দা ডলী ৰয়ক গ্ৰেপ্তাৰ কৰি বুধবাৰে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে।জানিব পৰা মতে,সঞ্জিত ৰয়ৰ পত্নী ডলী ৰয় 'ডি ভোটাৰ'ৰ তালিকাত থকাৰ বাবে ২০০৮ চনৰ পৰা যোৰহাটৰ বিদেশী ন্যায়াধীকৰন আদালতত গোচৰ চলি আছিল। আদালতৰ নিৰ্দেশ অনুযায়ী বিগত ৩ টা তাৰিখত মহিলা গৰাকীক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল যদিও হাজিৰ হোৱা নাছিল মহিলাগৰাকী। 


মাতৃসূত্ৰে বৰপেটা বহৰিৰ হোৱা ডলী ৰয়ক কালি নিৰ্দেশ জাৰি কৰাৰ লগে লগে যোৱা নিশা গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে।ইফালে মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ আদালতত হাজিৰ হ'ব পৰা নাছিল।

Your Comments