সাৰৰ আন্ত:ৰাষ্ট্ৰীয় অবৈধ বেহা,কোকৰাঝাৰত সাৰভৰ্তি ট্ৰাক সহ আটক ৬

KOKRAJARH

কোকৰাঝাৰ/১১ জুন :-

কোকৰাঝাৰ আৰক্ষীয়ে আজি ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই ম্যানমাৰলৈ চালান দিব বিচৰা তিনিখন সাৰভৰ্তি ট্ৰাক (নং এছ -০১ কে চি /৫৫৪৭ এছ-১৯এ চি/১১৭১, এছ -০১ কে চি/৫৫৫৭) জব্দ কৰাৰ লগতে ছজনকৈ চালক আৰু সহচালকক আটক কৰে ।KOK 


কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে শিলিগুৰীৰ পৰা শিলচৰ অভিমুখী তিনিখন ট্ৰাকে বৈধ নথিপত্ৰ অবিহনে সাৰ কঢ়িয়াই অনাৰ গোপন তথ্য লাভ কৰি ছেৰফাংগুৰী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাককেইখন জব্দ কৰাৰ লগতে ছজনকৈ চালক আৰু সহচালকক আটক কৰে ।SAR

আৰক্ষীৰ জেৰাত চালকসকলে সাৰৰ চোৰাং কাৰবাৰৰ কথা স্বীকাৰ কৰি এনেদৰেই মিজোৰাম হৈ  ম্যানমাৰলৈ সাৰ সৰবৰাহ হয় বুলি স্বীকাৰ কৰে । আন্ত:ৰাষ্ট্ৰীয় চোৰাং কাৰবাৰীৰ তথ্য উদঘাটন কৰিবলৈ ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী তৎপৰ হৈ পৰিছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ছেৰফাংগুৰী থানাত এক গোচৰ ৰজু কৰিছে । 
      উল্লেখ্য যে চালানত সাৰৰ পৰিবৰ্তে চাউল কঢ়িয়াই অনা বুলি টেক্স ইনভইচ দেখুৱাইছিল আৰু যাৰ মুল্য ট্ৰাকে প্ৰতি পাঁচ লাখতকৈ অধিক বুলি দেখুওৱা হৈছিল ।

Your Comments