কল্যাণজ্যোতি বুঢ়াগোঁহাই, শিৱসাগৰঃ
শিৱসাগৰ জিলা জনতা যুৱ মৰ্চাৰ উদ্যোগত মংগলবাৰে চহৰৰ নাট্যমন্দিৰত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্ৰাছা চুডান্ত পৰীক্ষাত ৯০ শতাংশৰ উৰ্দ্ধৰ ৯০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হোৱা ৮৮ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। জিলা জনতা যুৱ মৰ্চাৰ সভাপতি বিদ্যুৎ বিকাশ দত্তৰ সঞ্চালনাত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি সাংসদ তপন কুমাৰ গগৈয়ে কয় সমগ্ৰ বিশ্বৰ চাহিদা অনুসৰি আমি নৱ প্ৰজন্মক মানৱ সম্পদ ৰূপে গঢ়ি তুলিব লাগিব। বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ উত্তৰণৰ যুগত বৃহৎ বিশ্বখন ক্ষুদ্ৰ গাঁৱলৈ ৰূপান্তৰিত হৈছে। এনে সময়ত দ্ৰুত গতিৰে আগুৱাই যোৱা পৃখিৱীখনত আমাৰ নৱ প্ৰজন্ময়ো খোজত খোজ মিলাই আগুৱাই যাবই লাগিব। তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষা নীতি প্ৰস্তুত কৰিছে। যাৰ দ্বাৰা শিক্ষাৰ মানদণ্ড উন্নত হ’ব।
ৰাজ্যসভাৰ নৱ নিযুক্ত সাংসদ কামাখ্যা প্ৰসাদ তাচাই কয়, ছাত্ৰ- ছাত্ৰী সকলে বৰ্তমানৰ প্ৰতিযোগীতামূলক পৃথিৱীত অধিক কষ্ট কৰাৰ লগতে নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰাৰ লগতে প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাৰ শিক্ষা ব্যৱস্থাটো উন্নত কৰিব লাগিব বুলিও মন্তব্য কৰে।
অনুষ্ঠানত গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই কয় বৰ্তমানৰ শিক্ষা ব্যৱস্থাত সফলতাৰ মাপকাঠি নিৰূপিত হৈছে কেৱল নম্বৰৰ ওপৰত। যাৰ বাবে আজিৰ যান্ত্ৰিকতাৰ যুগত বহু ছাত্ৰ- ছাত্ৰীয়ে আত্মীক সম্পৰ্ক পাহৰি পেলাইছে।
অভিনন্দন অনুষ্ঠানত জিলা বিদ্যালয় সমুহৰ সংমণ্ডল পৰিদৰ্শক আব্দুল জলিল, শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰফুল্ল চন্দ্ৰ কলিতা, জিলা বিজেপি সভানেত্ৰী সুৰভি ৰাজকুঁৱৰী, শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃদুস্মিতা সিনহা, ৰাজ্যিক বিজেপি সম্পাদক ভবেন্দ্ৰ নাথ মহন, ধ্ৰুৱজ্যোতি মাউট, ময়ুৰ বৰগোঁহাই, প্ৰাঞ্জল কটকীকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে উক্ত অনুষ্ঠানতে যোৰহাট লোকসভাৰ নৱ নিৰ্বাচিত সাংসদ তপন কুমাৰ গগৈ আৰু ৰাজ্যসভাৰ নৱ নিযুক্ত সাংসদ কামাখ্যা প্ৰসাদ তাচাকো ভাৰতীয় যুৱ মৰ্চাৰ তৰফৰ পৰা সম্বদ্ধনা জনোৱা হয়৷
- Log in to post comments
- 9 views