কল্যাণজ্যোতি বুঢ়াগোঁহাই, শিৱসাগৰঃ
শিৱসাগৰ জিলা প্ৰশাসনৰ অনুৰোধত শিৱসাগৰ ঔষধ বিক্ৰেতা সন্থাই এতিয়াৰে পৰা চহৰৰ যি কোনো এখন ফাৰ্মাচী ২৪ ঘন্টাই খোলা ৰখাৰ সিদ্ধান্ত লৈছে। শিৱসাগৰ চহৰৰ ৩১ খন এনে ফাৰ্মাচী বাছি উলিওৱা হৈছে য'ত জৰুৰী কালীন সকলো দৰব পোৱা যায় আৰু ২৪ ঘন্টাই খোলা ৰাখিব পাৰে। ৩১ খন ফাৰ্মাচীৰ ভিতৰত প্ৰতি দিনেই এখন ফাৰ্মাচী ২৪ ঘন্টাই খোলা থাকিব। এই কথা জানিবলৈ দিয়ে ঔষধ বিক্ৰেতা সন্থাই।
শিৱসাগৰ চহৰৰ ফাৰ্মাচী সমুহ নিশা ৯ বজাৰ লগে লগে বন্ধ কৰি দিয়াৰ বাবে ৰোগীয়ে জৰুৰীকালীন ঔষধ বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। শিৱসাগৰবাসীৰ এই সমস্যা সমাধানৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ঔষধ ব্যৱসায়ী সন্থাই। উল্লেখ্য যে কিছু দিন পূৰ্বে এই ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও ৰাতি ঔষধ বিচাৰি অহা সুৰামক্ত গ্ৰাহকৰ লগত দুই এখন ফাৰ্মাচীৰ বাক- বিতণ্ডা হোৱাৰ বাবে আৰু নিৰাপত্তাজনিত কাৰণত এই সেৱা বন্ধ কৰি দিছিল। কিন্তু এতিয়া শিৱসাগৰ জিলা প্ৰশাসনৰ অনুৰোধত ঔষধ বিক্ৰেতা সন্থাই পুনৰ এই সেৱা আৰম্ভ কৰিছে। কোন দিনা কোনখন ফাৰ্মাচী ২৪ ঘন্টাই খোলা থাকিব ঔষধ ব্যৱসায়ী সন্থাই তাৰ এখন তালিকা প্ৰস্তুত কৰি তুলিছে । এই তালিকা চাই গ্ৰাহকে কোন দিনা কোনখন ফাৰ্মাচী ২৪ ঘন্টা খোলা থাকিব সেয়া জানিব পাৰিব। আনহাতে ২৪ ঘন্টাই খোলা ৰখা ফাৰ্মাচীত জিলা প্ৰশাসনে নিৰাপত্তাৰ বাবে আৰক্ষী নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱসাগৰ ঔষধ ব্ষৱসায়ী সন্থাৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে।
- Log in to post comments
- 17 views