গোসাঁইগাওঁৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন :
গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত একমাত্ৰ বিজ্ঞান শাখাৰ উচ্চ মাধ্যমিক অনুষ্ঠানটোৱে মঙলবাৰে প্ৰথম বাৰ্ষিক অধিবেশনৰ লগতে "নবীন বিদ্যাৰ্থীক স্বগতম "শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে ।ৰাতিপুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ কাৰ্যসূচীমৰ্মে সমগ্ৰ গোসাঁইগাঁও চহৰ এক বিশেষ সংস্কৃতিক শোভাযাত্ৰাৰে ঘূৰি অঞ্চলটোৰ মানুহৰ মনোযোগ আকৰ্ষণ কৰে। শোভাযাত্ৰাৰ অন্তত বিদ্যালয়ত অনুষ্ঠিত মুকলি সভাৰ মাধ্যমেৰে অনুষ্ঠানৰ সামৰণি ঘোষণা কৰা হয়।
- Log in to post comments
- 24 views