হাজোৰ পৰা কমলাকান্ত দাস :
কামৰূপ জিলাৰ হাজোৰ সাতদলা নিবাসী তথা অসম চৰকাৰৰ পশুপালন বিভাগৰ ক্ষেত্ৰ সহায়ক প্ৰাণেশ্বৰ মালাকাৰৰ মঙলবাৰে দুপৰীয়া উওৰ গুৱাহাটীৰ জি এন আৰ চিত চিকিৎসাধীন অবস্থাতে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৮বছৰ ।পৰিয়ালৰ লোকে জনোৱা মতে মে মাহৰ পোন্ধৰ তাৰিখৰ পৰা তেওঁ সাধাৰণ ভাবে জ্বৰত আক্ৰান্ত হৈছিল। ঔষধ পাতি খোৱাৰ পাছতো আৰোগ্য নোহোৱাত একৈশ মেত প্ৰথমে চানভেলিত আৰু পিছত ২৪ মেত জি এন আৰ চিত ভৰ্তি কৰে। পৰীক্ষাৰ অন্তত তেওঁ জাপানিছ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। বিগত বাইশ দিনে চিকিৎসাধীন হৈ থকাৰ পিছত আজি দুপৰীয়া মালাকৰে মৃত্যু মূখত পৰে।মৃত্যুৰ সময়ত পত্নী দুই পুত্ৰ জীয়াৰী সহ ভালেমান আত্মীয় কুটুম্বক তেওঁ এৰি থৈ যায়
- Log in to post comments
- 13 views