বঙাইগাঁওঃ ১২ জুনঃ
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গণিত আৰু বিজ্ঞান বিষয় দুটা জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যে বঙাইগাঁৱৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মঙ্গলবাৰৰ পৰা ছয়দিনীয়া কাৰ্যসূচীৰে Grooming and Mentoring of Students Programme শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হৈছে ৷ অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ অনুদানত বিদ্যালয়খনৰ গণিত ফেচিলিটেটৰ জুৰটি চৌধুৰী আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত অনুষ্ঠিত কৰা কৰ্মশালাখন উদ্বোধন কৰে বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খানে ৷
তেওঁ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণো আগবঢ়ায় ৷ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ত্ৰিকেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত কৰ্মশালাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে গণিত ফেচিলিটেটৰ জুৰিটি চৌধুৰীয়ে ৷ অনুষ্ঠানত বঙাইগাঁও পলিটেকনিকৰ অধ্যক্ষ ড৹ চক্ৰধৰ দাস,বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি জ্যোতি প্ৰসাদ গোস্বামী, বঙাইগাঁও জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ খণ্ড সমন্বয়ক দিলীপ কুমাৰ শৰ্মা, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ বিষয় শিক্ষক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি গণিত আৰু বিজ্ঞান বিষয় দুটা অধ্যয়নত ব্যৱহাৰিক কৌশলৰ ব্যৱহাৰ সম্পৰ্কে বক্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে এই কৰ্মশালাখন অহা ১৭ জুনত সামৰণি পৰিব ৷
- Log in to post comments
- 12 views