কোনো জাননী নিদিয়াকৈ হঠাৎ বন্ধ কৰি দিলে গুৱাহাটী - কুৰুৱা সংযোগী জাহাজ

kuruwa

উজ্জ্বল জ্যোতি ডেকা, মঙলদৈ, ১১ মে :

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অকৰ্মণ্যতাৰ ফল ভোগ কৰিছে দৰং জিলাৰ কুৰুৱাবাসী ৰাইজে। কোনো জাননী নিদিয়াকৈ হঠাৎ আজি বন্ধ কৰি দিলে জাহাজৰ চলাচল ৷ যাৰ বাবে  গুৱাহাটীৰ পৰা কুৰুৱালৈ জাহাজৰ জৰিয়তে অহাযোৱা  কৰা যাত্ৰী সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ পূৰ্বৰ পৰা চলি অহা আওপুৰণি দুখন জাহাজ ক্ৰমে কদম আৰু নাহৰবিল প্ৰায়ে বিকল হৈ থাকে । সোমবাৰেও জাহাজ দুখন কুৰুৱাৰ পৰা গুৱাহাটীলৈ যাত্ৰী কঢ়িয়াই নিছিল যদিও ২ বজাত আৰু ৪ বজাত পুনৰ গুৱাহাটীৰ পৰা কুৰুৱালৈ আহি থকা অৱস্থাত বহ্মপুত্ৰৰ মাজতে দুয়োখন বিকল হৈ পৰিছিল ৷ যাৰ বাবে উপায়হীন যাত্ৰী সকলক গুৱাহাটীৰ পৰা  বাছেৰে কুৰুৱালৈ অনাৰ ব্যৱস্থা কৰিছিল জলপৰিবহণ বিভাগে ৷  ইয়াকে লৈ জাহাজ ঘাটত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । কিন্তু আজি পূৰ্বৰে পৰা চলি থকা কুৰুৱা - গুৱাহাটী জাহাজৰ চলাচল বন্ধ হৈ পৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল।আনফালে কেতিয়ালৈ জাহাজৰ চলাচল পুনৰ আৰম্ভ কৰা হ'ব তাৰ কোনো নিশ্চয়তা প্ৰকাশ কৰা নাই বিভাগটোৱে ।

Your Comments