সাংসদ প্ৰদ্যুৎ বৰদলৈৰ  লাহৰীঘাটৰ গড়াখহনীয়া আক্ৰান্ত অঞ্চল পৰিৰ্দশন

pb

লাহৰীঘাটৰ পৰা প্ৰতিবেদক

 

নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে লাহৰীঘাটৰ বান-খহনীয়া আক্রান্ত  অঞ্চল মঙলবাৰে প্ৰথমবাৰ পৰিৰ্দশন কৰে।

kj

সাংসদগৰাকীয়ে লাহৰীঘাট বিধানসভা সমষ্টিৰ বিধায়ক নজৰুল ইছলাম,মৰিগাওঁ জলসম্পদ বিভাগৰ অভিযন্তা আৰু মৰিগাওঁ জলসম্পদ বিভাগৰ বিষয়ববীয়াক লগত লৈ  ফেৰীত উঠি  বান -খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন
কৰে।ফেৰীত বহি সাংসদগৰাকীয়ে মৰিগাওঁ জলসম্পদ বিভাগৰ  অভিযন্তাৰ লগত  আলোচনাত মিলিত হয়।বৰদলৈয়ে ব্ৰহ্মপুত্ৰৰ  গতিবিধিৰ বুজ লোৱাৰ লগতে নদীৰ মেপ মেলি লাহৰীঘাট  
বিধানসভা সমষ্টি তথা নগাওঁ সংসদীয় সমষ্টিৰ কিমান গাওঁ আৰু কিমান মাটিকালি নদীৰ বুকুত জাহ গৈছে,তাৰ সবিশেষ জলসম্পদ বিভাগৰ পৰা জানিবলৈ বিচাৰে। 

 

নৱনিৰ্বাচিত সাংসদগৰাকীয়ে গড়াখহনীয়া আক্ৰান্ত অঞ্চল পৰিৰ্দশন কৰাৰ সময়চোৱাত  কেইবাঠাইত  গৰাখহনীয়াই সৰ্বস্বান্ত কৰা স্হানীয় ৰাইজৰ সৈতে কথা পাতে।তেওঁ লাহৰীঘাটৰ বান-খহনীয়া সমস্যাক সংসদত উত্থাপন কৰি সমাধান কৰাৰ আশ্বাস  দিয়ে।

Your Comments