বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
অসম কৌশল বিকাশ অভিযানৰ উদ্যোগত আৰু 'শব্দ বৰপুল্লা'ৰ সহযোগত যোৱা ৯ জুনত বৰপুল্লাত এটা বিনামূলীয়া কম্পিউটাৰ(হাৰ্ডৱেৰ) প্ৰশিক্ষণৰ কাৰ্যালয় মুকলি কৰে৷
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত কৌশল বিকাশ অভিযানৰ কেইবাগৰাকীও উচ্চ বৰ্গৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে৷প্ৰশিক্ষণৰ অন্তত সম্পূৰ্ণ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব বুলি উদ্যোক্তা সংস্থাই জানিবলৈ দিয়ে৷ইচ্ছুক শিক্ষাৰ্থীক শব্দৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷উল্লেখযোগ্য যে প্ৰশিক্ষাৰ্থীসকল উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব৷
- Log in to post comments
- 43 views