ৰামপুৰত উত্তৰ-পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ কীৰ্তিমানক অভিনন্দন

jj

চেঙাৰ পৰা সুৰজিৎ পাঠক

 

নলবাৰী জিলাৰ ৰামপুৰ বালিকা বিদ্যালয় প্ৰাংগণত সোমবাৰে উত্তৰ-পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ উদ্যোগত এখন সম্বৰ্ধনা আৰু অভিনন্দন সভা অনুষ্ঠিত হয়।উত্তৰ-পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ সভাপতি নগেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ সম্পাদক চামচুদ্দিন আহমেদে । ৰামপুৰ বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিনীতা দেৱীয়ে  আদৰণি ভাষণ আগবঢ়োৱা সভাখনত পৰিষদৰ অন্তৰ্গত বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক প্ৰতিযোগিতামুখী অধ্যয়নৰ প্ৰৱণতা গঢ়ি তোলাৰ প্ৰয়াসেৰে প্ৰতিবছৰৰ দৰে এইবেলিও হাইস্কুল আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক অভিনন্দন জনোৱাৰ লগতে পৰিষদৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পৰা ২০১৮-১৯ বৰ্ষত অৱসৰ গ্ৰহণ কৰা ৯ গৰাকী শিক্ষক- কৰ্মচাৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। 


অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি চামতাস্থিত কামৰূপ কলেজৰ প্ৰবক্তাদ্বয় আব্দুৰ ৰৌফ আৰু ড° ছাইকী তালুকদাৰে ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ শিক্ষা সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় । শিক্ষয়িত্ৰী নিৰুপমা দেৱীৰ সংগীতেৰে আৰম্ভ কৰা সভাখনত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰা দমদমা হাইস্কুলৰ দুই গৰাকী শিক্ষাৰ্থী ক্ৰমে  আবু ছুফিয়ান আৰু জয়শ্ৰী কলিতা , দৌলাশাল হাইস্কুলৰ পাঁচ গৰাকী  শিক্ষাৰ্থী ক্ৰমে পৰী বৈশ্য , হিমাংশু বৈশ্য , হৃতিকেশ বৈশ্য , চানিদুল ইছলাম আৰু ছুমেজুদ্দিন আহমেদক গামোচা , জাপি , কিতাপৰ টোপোলা, কলম আৰু অভিনন্দনপত্ৰৰে বিপুল অভিনন্দন জনোৱাৰ লগতে ১৪ গৰাকী ষ্টাৰ নম্বৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক গামোচা , কিতাপ আৰু মানপত্ৰৰে অভিনন্দন জনাই উৎসাহ প্ৰদান কৰে।

kk
উক্ত অনুষ্ঠানতে ৯ গৰাকী  অৱসৰী শিক্ষক কৰ্মচাৰীক গামোচা , ধৰ্মগ্ৰন্থ , জাপি , মানপত্ৰ আৰু একোটা ছাতিৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় । নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক কৃষ্ণকান্ত মহন্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত উত্তৰ পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ অন্তৰ্গত তেৰখন বিদ্যায়ৰ ভিতৰত ৯২.৬৭ শতাংশৰে সৰ্বোচ্চ নম্বৰ লাভ কৰা দমদমা হাইস্কুলৰ আবু চুফিয়ান আৰু গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰা দৌলাশাল হাইস্কুলৰ পৰী বৈশ্যক সোমবাৰৰ সভাতে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।


 অনুষ্ঠানটোত মুগদি মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আচকৰ আলী আহমেদ আৰু জনতা হাইস্কুলৰ ছাত্ৰী নিমাশ্ৰী তালুকদাৰে গীত পৰিৱেশন কৰাৰ লগতে অৱসৰী শিক্ষক ইমৰাণ আলীয়ে চাকৰি জীৱনৰ অভিজ্ঞতা বিষয়ে বক্তব্য প্ৰদান কৰাৰ সমান্তৰালকৈ কৃতী ছাত্ৰী পৰী বৈশ্যই এক চমু অথচ আশাপ্ৰদ বক্তব্য আগবঢ়ায়।

সভাত উত্তৰ- পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক শিক্ষা পৰিষদ অন্তৰ্গত ১৩ খন হাইস্কুল আৰু হাইমাদ্ৰাছাৰ প্ৰধান শিক্ষকসকলৰ লগতে অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সভাপতি ভূৱনেশ্বৰ নাথ আৰু ছাত্ৰ-ছাত্ৰী , অভিভাৱকসকল উপস্থিত থাকে ।জ্যেষ্ঠ শিক্ষক চামচুদ্দিন আহমেদ আৰু প্ৰদীপ বৰ্মনে আঁত ধৰা সভাখনত অৱসৰী শিক্ষক উদয় বৰ্মনৰ ভূপেন্দ্ৰ সংগীতে অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে । সভাপতিৰ ভাষণৰ পিছত  অসম সংগীত পৰিৱেশনেৰে সভাৰ সফল সামৰণি পৰে ।

Your Comments