বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
কঞা ৰাজহচক্ৰক সামৰি উন্নয়ন খণ্ড কাৰ্যালয় স্থাপনৰ দাবীত পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবক কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰদান কৰে।
উল্লেখ্য যে জিলাখনৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত পশ্চিম বড়িগোগ মৌজাৰ গাওঁসমূহক সামৰি আৰু কঞা ৰাজহচক্ৰৰ সকলোবোৰ গাওঁ পঞ্চায়তক অন্তৰ্ভুক্ত কৰি এটি উন্নয়ন খণ্ডৰ কাৰ্যালয় স্থাপন কৰাৰ বাবে দীৰ্ঘদিনৰে পৰা পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাই আহিছে৷আনকি সময়ে সময়ে বহুতো গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচীও গ্ৰহণ কৰিছিল৷আনহাতে ছাত্ৰ সন্থাৰ সমন্তৰালকৈ মৌজাখনৰ কিছুসংখ্যক সচেতন লোক একত্ৰিত হৈ পশ্চিম বড়িগোগ মৌজাত উন্নয়ন খণ্ড স্থাপনৰ দাবী সমিতি গঠন কৰি বিভিন্ন ধৰণেৰে অসম চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছিল৷এনেদৰে ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল- সংগঠনৰ দাবীত অসম চৰকাৰে উন্নয়ন খণ্ড স্থাপনৰ কিছু ইতিবাচক সিদ্ধান্ত লোৱাৰ বিষয়ে আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্ণগোচৰ হৈছে৷কিন্তু দুৰ্ভাগ্যজনক কথা যে বৰ্তমানলৈকে উন্নয়ন খণ্ড নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে মৌজাখনৰ কোনো এটা স্থানকে নিৰ্ধাৰণ কৰা পৰিলক্ষিত হোৱা নাই৷
সন্থাৰ সভাপতি বিজিত কলিতা আৰু সম্পাদক প্ৰাৰ্থপ্ৰতিম শইকীয়া স্বাক্ষৰিত স্মাৰকপত্ৰত অতি শীঘ্ৰে কঞা ৰাজহচক্ৰ সামৰি প্ৰস্তাৱিত উন্নয়ন খণ্ড কাৰ্যালয়টোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ বাবে অসম চৰকাৰক দাবী জনাইছে৷অন্যথাই মৌজাবাসী ৰাইজৰ সহযোগত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিছে৷
- Log in to post comments
- 6 views