চেঙাৰ পৰা সুৰজিৎ পাঠক
বৰপেটা জিলাৰ চেঙাত সোমবাৰে আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ সংহতি দিৱস পালন কৰা হয় ।ছাত্ৰ সংহতি দিৱস উপলক্ষে পুৱা চাফাইৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি নয়নমনি দাসে ।খাদ্য আন্দোলনৰ শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিৰ অৱদানক স্মৰণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা চিন্ময় ডেকাই ।
আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ৰয়ে আঁত ধৰা এই অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ নেতা খনিন পাঠকে ছাত্ৰ সংহতি দিৱস সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।সন্ধিয়া শ্বহীদ বেদী আৰু শ্বহীদ ভৱনত সন্থাৰ বিষয়ববীয়া আৰু স্থানীয় লোকে বন্তি প্ৰজ্বলন কৰে।
সংহতি দিৱস উপলক্ষে বহৰিতো আঞ্চলিক ছাত্ৰ সন্থাই চাফাই, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ,বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে।
- Log in to post comments
- 7 views