শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
শিলচৰৰ ধলাইৰ ৰজনীখালৰ বনবিভাগৰ উচ্ছেদৰ ফলত আজি মুকলি আকাশৰ তলত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে ২২টা পৰিয়ালে।দেওবাৰে এই অসহায় উচ্ছেদিত সকলৰ খবৰ ললে বৰাকৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্র মুক্তিৰ কর্মকর্তাসকলে।
এই দুই সংগঠনৰ বিষয়ববীয়াক কাষত পাই কেনেকৈ উচ্ছেদৰ নামত সাতদিন আগতেই এখন জাননী দিয়েই পিছত এজাক হাতীৰ সহযেগত আমানবিক আচৰণ কৰিছিল জিলা প্রশাসন আৰু বন বিভাগে তাক ব্যক্ত কৰে ভুক্তভোগী পৰিয়াল কেইটাৰ সদস্য সকলে।
বৰাকৰ কৃষক মুক্তি আৰু ছাত্র মুক্তিৰ তৰফৰ পৰা সামান্য খোৱাৰ বস্তুও উক্ত দিনাই ঘৰ -দুৱাৰ হেৰুৱাই সর্বস্বান্ত হোৱা মানুহ বিলাকৰ মাজত বিতৰণ কৰা বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 23 views