কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ
শিৱসাগৰ চহৰৰ মিলন মন্দিৰত দেওবাৰে মাৰোৱাৰী যুৱ মঞ্চ শিৱসাগৰ শাখাৰ লগতে প্ৰগতি শাখা আৰু মাৰোৱাৰী পঞ্চায়ত জনদতব্য সমিতিয়ে আয়োজন কৰা কেঞ্চাৰ ৰোগ পৰীক্ষা আৰু সজাগতা শিবিৰৰ সফল সমাপ্তি ঘটে। পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত উক্ত শিবিৰত ১৪৭ জন ব্যক্তিয়ে কৰ্কট ৰোগ পৰীক্ষা কৰাৰ লগতে প্ৰায় ১০০ গৰাকী ব্যক্তিয়ে উচ্চ ৰক্ত চাপ, মধুমেহকে ধৰি বিভিন্ন ৰোগৰ পৰীক্ষা কৰে। এখন অত্যাধুনিক চলন্ত বাহনত সংযোজিত হৈ থকা কেন্সাৰ স্কেনিং চেণ্টাৰত অতি কম সময়ৰ ভিতৰত ৰোগী সকলক পৰীক্ষা কৰা হয়। এই শিবিৰত এক্সে , ইএছ এ, মামগ্ৰাফী, থ্ৰত এণ্ডছক'পি, অৰেল চেক আপ,মুখমণ্ডলৰ কেন্সাৰ, হাওঁফাওঁ কেন্সাৰ, স্তন কেন্সাৰ, ডিঙিৰ কেন্সাৰ, উচ্চ ৰক্ত চাপ, মধুমেহ পৰীক্ষা কৰা হয়।
শিবিৰৰ আৰম্ভনিতে পৱন আগৰৱালাৰ সঞ্চালনাত অনুষ্ঠিত উদ্ধোধনী সভাত সভাপতিত্ব কৰে মাৰোৱাৰী যুৱ মঞ্চৰ অধ্যক্ষ চম্পালাল তেচনীৱালে। সভাত বিনোদ আগৱালা, বিজয় কুমাৰ ছাৱচাৰিয়া, মমতা কেডিয়াৰ লগতে শিৱসাগৰ জিলাৰ সত্ৰ ন্যায়াধীশ এছ কে পোদ্দাৰ, চাওলুং চ্যুকাফা চুপাৰ স্পেচিয়েলিস্ট হস্পিতেলৰ চি ই অ ডাঃ প্ৰকাশ খৌলনেকৰ উপস্থিত থাকে।
উপস্থিত অতিথি সকলৰ লগতে বিশিষ্ট ব্যক্তি শংকৰলাল আগৰৱালা, সত্যনাৰায়ণ ছাবছৰীয়া আৰু মানচন্দ গাট্টানীয়ে বন্তি প্ৰজ্বলন কৰি শিবিৰৰ শুভাৰম্ভ কৰে। উদ্ধোধনী ভাষণত ডাঃ প্ৰকাশ খৌলনৌকৰে কয়, সাধাৰণতে কেন্সাৰ ৰোগ গোটখা সেৱন আৰু অত্যাধিক মোবাইল ফোন ব্যৱহাৰৰ বাবে হয়। যদি আমি বৰ্তমান যুগত এই দুয়োটা বস্তুৰ পৰা আতৰি থাকিব পাৰো তেতিয়া আমাৰ এনে ধৰণৰ শিবিৰৰ প্ৰয়োজন নহব বুলি মন্তব্য কৰে। সভাত উপস্থিত সকলোকে তেওঁ গোটখা জাতীয় দ্ৰব্য সেৱন নকৰিবলৈ আৰু অনাবশ্যকত মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।
এই শিবিৰত শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ পৰা ডাঃ শেখৰ জ্যোতি ভূঞাৰ নেতৃত্বত ডাঃ আৰু নাৰ্চৰ এটা দলৰ লগতে চাওলুং চ্যুকাফা চুপাৰ স্পেচিয়েলিস্ট হস্পিতেলৰ ডাক্তৰ আৰু নাৰ্চৰ এটা দলৰ লগতে ডাঃ এন কে চৌধৰী, ডাঃ বিমান গগৈ, ডাঃ ৰৌহিত পঞ্চাৰীৰ লগতে অন্যান্য স্বাস্থ্য কৰ্মীয়ে সহযোগ কৰে।
আনহাতে মাৰোৱাৰী যুৱ মঞ্চৰ এনে ধৰণৰ জনকল্যান মূলক কাৰ্য্যক জিলা সত্ৰ ন্যায়াধীশ এছ কে পোদ্দাৰে প্ৰশংসা কৰাৰ লগতে অনাগত দিনত এনে ধৰণৰ জনকল্যান মূলক কাৰ্যত তেওঁ পূৰ্ণ সহযোগ আগবঢ়াৱ বুলি মন্তব্য আগবঢ়ায়।
- Log in to post comments
- 15 views