নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
বেবেজীয়া চাৰিআলি । নগাঁও চহৰৰ পৰা ১০কিল'মিটাৰ নিলগত পশ্চিম প্ৰান্তত অৱস্থিত এক ঐতিহাসিক স্থান । এই চাৰিআলিৰ পৰা ২০০ মিটাৰ নিলগতে আছে বেবেজীয়া ১নং বুঢ়া নামঘৰ । ১৮৫১চনতে প্ৰতিষ্ঠা হোৱা এই নামঘৰৰ নতুনকৈ নিৰ্মাণ কৰা মণিকূটত সিংহাসন ৰবিবাৰে প্ৰতিষ্ঠা কৰা হয় । এই উপলক্ষে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি অনন্ত হাজৰিকাই আৰু নামঘৰ প্ৰতিষ্ঠাৰ লগত জড়িত ব্যক্তিসকলৰ সোঁৱৰণত স্মৃতি তৰ্পণ মুকলি কৰে সম্পাদক নাৰায়ণ হাজৰিকাই । ইয়াৰ পাছতে নামঘৰৰ সিংহাসনভাগ এক মাংগলিক পৰিৱেশত ধৰ্মীয় ৰীতি-নীতিৰে প্ৰতিষ্ঠা কৰে শিঙিয়া বিশ্বম্ভৰ দেৱ গোস্বামী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা নগাঁও চহৰৰ সমীপৰ তেলিয়া পহুকটা নিবাসী কীৰ্তি কান্ত গোস্বামীয়ে ।
নামঘৰৰ বাবে আগবঢ়োৱা "জয়-বিজয় মূৰ্তি","গায়ন-বায়ন মূৰ্তি","হনুমান মূৰ্তি","সিংহা(দুটা)" আৰু "গড়ুণ্ড পক্ষী মূৰ্তি"ৰ দাতাসকলৰ হৈ উন্মোচন কৰে ক্ৰমে ভাৰত শৰ্মা,প্ৰদীপ শৰ্মা, চুৰেণ শইকীয়া,কৃষ্ণ বৰা আৰু তুলু কাকতিয়ে । বেবেজীয়া ভোগেশ্বৰ হাজৰীকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰঞ্জন হাজৰিকাই আঁত ধৰা এক অনুষ্ঠানত নামঘৰৰ মূৰ্তিসমূহৰ দাতাসকলৰ লগতে বিভিন্ন বস্তু-আৰ্থিক অনুদান আগবঢ়োৱা দাতাসকলক সম্বৰ্ধনা জনোৱা হয় ।
এই অনুষ্ঠানতে বেবেজীয়া অঞ্চলৰ শতায়ু গৰকা বয়োজ্যেষ্ঠ ব্যক্তি তথা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী বীৰচিং হাজৰিকাক সম্বৰ্ধনা জনাই নামঘৰ পৰিচালনা সমিতিয়ে । সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত শৰাই উৰ্চগা আৰু নাম-খোল প্ৰসংগ কৰাৰ লগতে বেবেজীয়াৰ এগৰাকী মহিলাক শৰণ দিয়া হয় । সন্ধ্যা বন্তি প্ৰজ্বলনৰ পাছত নিশা যুৱক-যুৱতী সকলৰ দ্বাৰা বিশিষ্ট সমাজকৰ্মী তথা পৰিচালক নাৰায়ণ হাজৰিকাৰ পৰিচালনাত অংকীয়া নাট"প্ৰহ্লাদ চৰিত" মঞ্চস্থ কৰা হয় ।
উল্লেখযোগ্য যে বেবেজীয়া ১নং বুঢ়া নামঘৰত প্ৰথমবাৰৰ বাবে ১৯৭৩ চনত"কেলিগোপাল"নাট মঞ্চস্থ কৰাৰ লগতে প্ৰতিবছৰে শংকৰদেৱৰ তিথি,মাধৱদেৱৰ তিথি,শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও উলহ-মালহৰে উদযাপন কৰা হৈ আহিছে।
- Log in to post comments
- 83 views