শিৱসাগৰৰ চেৰেকাপাৰত দুই যুৱকে উদ্ধাৰ কৰিলে দুষ্প্ৰাপ্য বনৰৌ

banrou

 শিৱসাগৰঃ১০ জুনঃ

শিৱসাগৰ চহৰৰ সমীপৰ চেৰেকাপাৰ পেট্ৰল ডিপোৰ সন্মুখত দেওবাৰে নিশা ৰাস্তাত পৰি থকা অৱস্থাত এটা বনৰৌ উদ্ধাৰ কৰে। 

চহৰৰ দৰবাৰ ৰ'ডৰ চৰিফুল হ'ক আৰু ইজাদ খান নামৰ দুই যুৱকে নিশা শিমলুগুৰি ৰেল ষ্ট্যেচনলা গৈ থকা অৱস্থাত চেৰেকাপাৰ পেট্ৰল ডিপোৰ সন্মুখত বনৰৌটো ৰাস্তাত পৰি থকা দেখা পায়। অসুস্থ অৱস্থাত পৰি থকা বনৰৌটো দুই যুৱকে উদ্ধাৰ কৰি স্থানীয় ৰাইজক অৱগত কৰিব বিচাৰিছিল যদিও নিশা হোৱাৰ বাবে কাকো জনাব নোৱাৰাত পুৱাই তেওঁলোকে শিৱসাগৰৰ বন বিভাগক গতাই দিয়ে। 

বন বিভাগে আঘাতপ্ৰাপ্ত বনৰৌটোক পশু চিকিৎসালয়ত চিকিৎসা কৰায়। বন বিভাগে জনোৱা মতে সুস্থ হলেই বনৰৌটোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিব।

Your Comments