গোলাঘাটত নদীবান্ধ নিৰ্মাণ বন্ধৰ দাবীত  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

golaghat

 গোলাঘাট ১০ জুন :

ৰাজ্য চৰকাৰ মূৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ হায় ! হায়! আদি শ্ল'গানেৰে আজি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয় ৰ সমীপত উত্তাল পৰিবেশৰ সৃষ্টি কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে। নামনি সোঁৱণশিৰি জলবিদ্যুৎ ত প্ৰকল্প আৰু উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্মাণৰত সকলো বৃহৎ নদী বান্ধ বন্ধ কৰাৰ দাবীৰে এই ৩ ঘন্টীয়া অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে। উল্লেখ্য যে, বৃহৎ নদীবান্ধ ৰ বিৰুদ্ধে দীৰ্ঘদিনৰে বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিওঁ কোনো এখন চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰা নাই।

Your Comments