নসত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিলে ভাৰতীয় ষ্টেট বেংকৰ শাখা

cm

চেঙাৰ পৰা সুৰজিৎ পাঠক :
অসমীয়া  সংস্কৃতিক বিপন্ন  কৰিব  বিচৰা  ঘটনাক লৈ কঠোৰ হ'ব ৰাজ্য চৰকাৰ । ছয়গাৱৰ  ঘটনাত জড়িতক ৰেহাই দিয়া নহ'ব বুলিও স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে । সোমবাৰে  নসত্ৰৰ  কৃষ্ণগুৰু সেৱাশ্ৰমত  উপস্থিত  হৈ  এইদৰে ক'লে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সোমবাৰে  আধ্যাত্মিক গুৰু  কৃষ্ণগুৰু  প্ৰভুৰ  আবিৰ্ভাৱ  মহোৎসৱ উপলক্ষ্যে  নসত্ৰত উপস্থিত  হয়  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।cm2

ইপিনে গুৰুজনাৰ আবিৰ্ভাৱ  মহোৎসৱৰ লগতে  আশ্ৰমৰ ভকত সকলৰ সুবিধাৰ বাবে  ভাৰতীয়  ষ্টেট  বেংকৰ এটি  শাখা মুকলি কৰা হয়। ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী গ্ৰামীণ অঞ্চলৰ ৫০তম শাখা হ'ল কৃষ্ণগুৰু সেৱাশ্ৰম শাখাটো ।  এই শাখা মুকলি  কৰে মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে । আনহাতে  আজি গুৰুজনাৰ ৮৫ সংখ্যক  আবিৰ্ভাৱ  মহোৎসব উপলক্ষ্যে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে  আশ্ৰমৰ সুবৰ্ণ  কুড়ত এক ঘন্টা  ক্ৰমত    বহে  ।

 

Your Comments