গোলাঘাটত ড্ৰাগছে কাঢ়িলে অসহায় মাতৃৰ একমাত্ৰ সন্তানক 

addicted

গোলাঘাট, ১০ জুন :

 গোলাঘাটত সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা। গোলাঘাট চান্দমাৰী অঞ্চলৰ ৰুণু গোস্বামী নামৰ  মহিলা গৰাকীৰ একমাত্ৰ সন্তান সঞ্জীৱ গোস্বামীৰ আকস্মিক মৃত্যুয়ে মহিলা গৰাকীক নিঠৰুৱা কৰাৰ লগতে গোলাঘাটতো শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে মহিলা গৰাকীৰ একমাত্ৰ সন্তানটিৰ  মাত্ৰ দুবছৰ বয়সতে নিজৰ স্বামীক হেৰুৱাই দিশহাৰা হৈ পৰা ৰুণু গোস্বামীয়ে  পুত্ৰ  সঞ্জীৱকে সম্বল কৰি জীৱন যুজত আগবাঢ়ি গৈ আছিল। কিন্তু কালৰ গতিত ড্ৰাগছ আসক্ত হৈ পৰা নিজ পুত্ৰক ড্ৰাগছৰ কৱলৰ পৰা চিকিৎসাৰ যোগেদি সুস্থ কৰি তুলিবলৈ মাতৃ গৰাকীয়ে অপ্ৰাণ শ্রেষ্ঠা কৰি আহিছিল।শনিবাৰেও পুত্ৰক চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাই অনাৰ পিছতেই সংঘটিত হ'য় আন এক মৰ্মান্তিক ঘটনাৰ। কিছুদিন পূৰ্বে ড্ৰাগছৰ গৰাহত পৰা সন্তানে নিজৰ ১৩ হাজাৰ টকীয়া ম'বাইলটো ড্ৰাগছ সেৱনৰ বাবে  জ'জ নামৰ এজন লোকক মাত্ৰ ৩ শ টকাতে বিক্ৰী কৰি দিছিল। যদিও চিকিৎসাৰ অন্তত সম্পূৰ্ণ সুস্থ হৈ উভটি অহা সঞ্জীৱে দেওবাৰে মাতৃক কোনো দিন এৰি নোযোৱাৰ কথা দি মাকৰ পৰা ৩ শ টকা লৈ ম'বাইল টো আনিবৰ বাবেই ওলাই যায়। এই ওলাই যোৱাই কাল হ'ল সঞ্জীৱৰ । কিছুসময়ৰ পিছত সঞ্জীৱক   জ'জ নামৰ লোকজনৰ ককায়েকে এখন ই - ৰিক্সাত লৈ অনা অৱস্থাত প্ৰত্যক্ষ কৰে মাতৃয়ে। অচেতন অৱস্থাত অনা সন্তানক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ আনে যদিওঁ চিকিৎসকে মৃত বুলি ঘোষণা কৰে। কোনোদিনে এৰি নোযোৱাৰ প্ৰতিশ্ৰুতি দিয়া সন্তানৰ এনে আকস্মিক মৃত্যুক সহজ ভাৱে ল'ব পৰা নাই মাতৃয়ে। অভিযোগ অনুসৰি জ'জ নামৰ এই ড্ৰাগছ মাফিয়া জনেই হত্যা কৰিছে সঞ্জীৱক।সেই সন্দৰ্ভত  ইতিমধ্যে গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মাতৃয়ে। এতিয়া সমগ্ৰ জীৱন অকলশৰে কটাবলগীয়া মাতৃৰ ভাষ্য হ'ল গোলাঘাটৰ সমগ্ৰ অঞ্চল ড্ৰাগছে আৱৰি ধৰি বহু যুৱকৰ জীৱনলৈ ঘোৰ অমানিশা নমাই অনিছে,ইয়াৰ ড্ৰাগছৰ বিৰুদ্ধে সকলোকে মাত মাতি যাবলৈও তেওঁ আহ্বান জনায়।সমগ্ৰ গোলাঘাট জিলাতে এই ঘটনাই এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে গোলাঘাটত  ক্ৰমাৎ বাঢ়ি অহা ড্ৰাগছৰ ৰমৰমীয়া বজাৰখনৰ আঁৰ কাপোৰ টানি দিলে। এতিয়া কেৱল সৰ্বত্ৰে চৰ্চা চলিছে যে , আৰক্ষী প্ৰশাসনে এতিয়া বা কি ব্যৱস্থা গ্ৰহণ কৰে !!

Your Comments