দক্ষিণ কামৰূপৰ পৰা নীহাৰিকা তালুকদাৰৰ প্ৰতিবেদন :
ছয়গাঁৱৰ আচলপাৰাত ৭জুনৰ নিশা সাংস্কৃতিক সন্ধিয়াৰ নামত সংঘটিত দুষ্কাৰ্যত অভিযুক্ত তিনিজনক আজি পুৱা ছয়গাঁও আৰক্ষী থানাৰ এটা দলে গ্ৰেপ্তাৰ কৰে। অভিযুক্ত কেইজন ক্ৰমে ,কালাতলী পথাৰৰ নিজামুদ্দিন ,ভিতৰদুৱাৰৰ ৰকমত আলী,আৰু আয়োজক কমিটিৰ হৈ চুক্তিকাৰী সঞ্জয় চৌধুৰী।ইফালে আজি ছয়গাঁও ছাত্ৰ সন্থা ,ছয়গাঁও প্ৰেছ ক্লাৱকে ধৰি আঠটা সংগঠনে জিলা উপায়ুক্তৰ লগতে জিলা আৰক্ষী অধীক্ষকক ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু চক্ৰ বিষয়াৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰি দোষীক উচিত শাস্তি বিহাৰ দাবী জনায়।
- Log in to post comments
- 5 views