লঙ্কাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
লংকাত আজি পুৱা এটি ঘৰচীয়া ম'হে তীব্ৰ আতংকৰ সৃষ্টি কৰে।লংকাৰ সমীপৱৰ্তী উদালীত এই ম'হটোয়ে আক্ৰমণ কৰাৰ ফলত থিতাতে নিহত হয় সোনাবান বিবি (৭০)নামৰ মহিলাগৰাকী।উদালীৰ জুঠাংবস্তিৰ হিফজুৰ ৰহমান নামৰ লোকজনৰ এই ম'হটো আজি ঢলপুৱাতে ঘৰৰপৰা ৰচী চিগি আহি উন্মাদ হৈ পৰে। এটা সময়ত এই মহটোৱে যেনিয়ে যাকে পাই আক্ৰমণ কৰিবলৈ ধৰে। দুই এঘৰ মানুহৰ ঘৰৰ ভিতৰলৈয়ো চোচা লৈ সৃষ্টি কৰে আতংকৰ।
ম'হটোৰ আক্ৰমণত অঞ্চলটোত ইতিমধ্যে কেইবাজনো লোক আহত হবলগা হয়।ইয়াৰে দুজনক চিকিৎসালয়ত ভৰ্তি হোৱা বুলি জানিব পৰা গৈছে।ইয়াৰে চমৰুণ নেচা নামৰ আহত মহিলাগৰাকীক নগাঁওৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে ফইজুৰ ৰহমান নামৰ লোকজনক লংকা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈছে যদিও বৰ্তমানেও বলিয়া ম'হটোক ধৰিব পৰা নাই।
- Log in to post comments
- 7 views