উত্তৰ প্ৰদেশত পশুৰ বাবেও কুলাৰ।কিয়?

horse

প্ৰচণ্ড গ্ৰীষ্মই এতিয়া দহিছে উত্তৰ ভাৰতক।উত্তৰ প্ৰদেশতো প্ৰচণ্ড গৰমত জনসাধাৰণ অতিকৈ সমস্যাগ্ৰস্ত।মানুহৰ লগতে পশু-পক্ষীয়ে গ্ৰীষ্মৰ দহনত শাৰীৰিক অসুস্থতাত ভুগিবলৈ আৰম্ভ কৰিছে।


অৱশ্যে এই ভয়াৱহ গ্ৰীষ্ম প্ৰৱাহৰ সময়ত উত্তৰ প্ৰদেশৰ কিছু ঘোঁৰাৰ বিশেষ সৌভাগ্য উদয় হৈছে।প্ৰয়াগৰাজ পুলিচ লাইনত থকা ২৬ টা ঘোঁৰাক গৰমৰ পৰা ৰক্ষা কৰিবলৈ এতিয়া আৰক্ষী বিভাগে ব্যৱস্থা কৰিছে ৩০খন ফেন আৰু ৬ টা কুলাৰৰ।

 

উল্লেখ্য যে তাপমাত্ৰা ৪৬-৪৮ ডিগ্ৰীলৈকে যোৱা অৱস্থাত পুলিচ লাইনৰ ঘোঁৰাসমূহ অস্থিৰ হৈ ছটফটাব ধৰিছিল।ঘোঁৰাসমূহক অসুস্থতাৰ পৰা ৰক্ষা কৰাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে।

Your Comments