# গোৱালপাৰাৰ পৰা উৎপল ৰাভাৰ প্ৰতিবেদন ,
# গোৱালপাৰা জিলাৰ শোলমাৰীৰ পৰা পঞ্চৰত্নৰ নৰনাৰায়ন সেঁতুলৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটিৰ দুয়ো কাষ প্ৰাকৃতিয়ে নান্দনিক ৰূপত সজাই মায়াময় কৰি তুলিছে । এফালে ডাঁৱৰে আৱৰি ৰখা ঘন সেউজীয়া মাকৰি পাহাৰ আনফালে কুমৰি বিল আৰু বৰ লুইতৰ অপাৰ সৌন্দৰ্যই সহস্ৰ পথচাৰীৰ গতিযেন স্তব্ধ কৰিছে । সম্প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুয়োকাষে ফুলি উঠিছে কৃষ্ণচূড়া , ৰাধাচূড়া , সোনাৰু ,এজাৰ আদি ফুলবোৰ । যিয়েই সেই বাটেদি গৈছে সিয়েই যেন থমকি ৰ'বলৈ বাধ্য হৈছে । যেন এক দ্বিতীয় ছুইজাৰলেণ্ডহে । এনে মনোমোহা নান্দনিক দৃশ্য পৰ্যটকক দেখুৱাৱলৈ গোৱালপাৰাৰ এচাম উৎসাহী ব্যক্তিয়ে অহা এক জুন শনিবাৰে মাকৰিত দিনজোৰা কাৰ্যসুচীৰে সাহিত্য, সংগীত,আৰু পৰিৱেশক কেন্দ্ৰ কৰি
" কৃষচূড়া মহোৎসৱ " নামেৰে এক পৰ্যটন উৎসৱৰ আয়োজন কৰিছে !
অনুষ্ঠানৰ দিনা পুৱা ন' বজাত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা পথৰ দাঁতিত গছপুলি ৰোপন কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ব বুলি জানিব পৰা গৈছে।তাৰ পিছতেই পুৱা দহ বজাৰ পৰা আৰম্ভ হ'ব " ৰাধাচূড়াৰ চোতালত সাহিত্যৰ মেল " শীৰ্ষক এক অনুষ্ঠান । উক্ত অনুষ্ঠানটোত বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকৰ কবিতা, গীত -মাতেৰে ৰসাল কৰি তোলাৰ পৰিকল্পনা কৰা হৈছে। দুপৰীয়া আঢ়ৈ বজাত " মাঞ্চালেংকাৰ আখলত দুপৰীয়া এসাজ " এই অনুষ্ঠানত অতিথিসকলক স্হানীয় খাদ্য সম্ভাৰেৰে আপ্যায়িত কৰাৰ ব্যৱস্হা কৰিছে গোৱালপাৰাৰ এচাম উদ্যমী যুৱকে ।
বিয়লি তিনি বজাত পৰ্যটক সকলৰ বাবে " সোনাৰুৰ বাটেৰে লুইতৰ বুকুত বিয়লি দৰ্শণ " বুলিও এক কাৰ্যসূচী হাতত লোৱা হৈছে।এই কাৰ্য্যসূচীৰ মাজেৰে পৰ্যটকসকলক গোৱালপাৰা জিলাৰ ঐতিহ্য আৰু সেই অঞ্চলৰ প্ৰকৃতিয়ে ওপচাই দিয়া নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰোৱা হ'ব । এই কাৰ্যসুচীৰ লগত থাকিব এখন গ্ৰন্হ প্ৰদৰ্শনী আৰু স্হানীয় ৰাভা জনগোষ্ঠীৰ বস্ত্ৰ শিল্পৰ প্ৰদৰ্শনী । প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা এই মহোৎসৱলৈ অসমৰ সকলো প্ৰকৃতি আৰু সাহিত্য- সংগীত প্ৰেমী ব্যক্তিক উপস্হিত থাকিবলৈ উদ্যোক্তা সকলে অনুৰোধ জনাইছে ।
- Log in to post comments
- 65 views