বঙাইগাঁওঃ ২৯ মেঃ
সদ্য ঘোষিত উচ্চ মাধ্যমিক, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বঙাইগাঁও জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পৰা সন্মান সহকাৰে স্থান আৰু ডিষ্টিংচন নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ - ছাত্রী আৰু এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা বিদ্যালয়সমূহৰ মুৰব্বীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি ( বুুুুধবাৰে)বঙাইগাঁও জিলা অধিবিদ্যা পৰিষদ আৰু জিলা ভিত্তিক আভ্যন্তৰীণ পৰীক্ষা সমিতিৰ যৌথ উদ্যোগত এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰে ৷ বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সম্বৰ্ধনা সভাৰ আৰম্ভনীতে বন্তি প্ৰজ্বলন কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে ৷ ইয়াৰ পিচতে বঙাইগাঁঁও জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক ননী গোপাল ৰায়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷
আনহাতে আদৰণী ভাষণ প্ৰদান কৰে বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খানে ৷ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে নিজৰ আদৰণী ভাষণত সভাত উস্থিত থকা অতিথি তথা সকলোকে আদৰণী জনাই কয় যে যি সকল ছাত্ৰ - ছাত্ৰীয়ে স্থান লাভ কৰিছে , যিসকল ছাত্ৰ- ছাত্ৰীয়ে সন্মান সহকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তথা যিকেইখন চৰকাৰী বিদ্যালয়ে এশ শতাংশ ছাত্ৰ - ছাত্ৰী উত্তীৰ্ণ কৰাই দিবলৈ সক্ষম হৈছে সেইসকল ছাত্ৰ- ছাত্ৰী আৰু বিদ্যালয়সমূহৰ মুৰব্বীসকলক অভিনন্দন জনাবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ উঠি অহা নৱপ্ৰজন্মক যদি আমি যথোপযুক্তভাৱে সন্মান জনাব পাৰো আৰু উৎসাহ যোগাব পাৰো , তেতিয়াহলে ভৱিষ্যতে তেওঁলোকৰ ফলাফল পৰৱৰ্তী পৰ্যায়ত আৰু উন্নত হ'ব বুলি আমি ধাৰণা কৰো ৷ লগতে এই ছাত্ৰ- ছাত্ৰীসকলক অনুকৰণ কৰি তলৰ শ্ৰেণীত অধ্যয়ণ কৰি থকা ছাত্ৰ - ছাত্ৰীসকলেও নিশ্চয় উৎসাহিত হ'ব ৷ তাৰোপৰি এশ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ কৰাই দিবলৈ সক্ষম হোৱা বিদ্যালয়সমূহো উৎসাহিত হ'ব আৰু অন্যান্য বিদ্যালয়সমূহেও তেনেকুৱা ফলাফল দেখুৱাবলৈ যত্ন কৰিব ৷ সেয়ে এই মহান উদ্দেশ্য আগত ৰাখিয়ে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি কয় ৷ লগতে এইবাৰ যোৱাবাৰৰ ফলাফলৰ তুলনাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১১ শতাংশ অধিক ছাত্ৰ - ছাত্ৰী উত্তীৰ্ণ হোৱা বুলি উল্লেখ কৰি আগলৈ ইয়াতকৈ ভাল ফলাফল দেখুৱাবলৈ সকলোৱে বদ্ধ পৰিকৰ হ'ব লাগিব বুলিও কয় ৷
আনহাতে এই অনুষ্ঠানত উপস্থিত থকা সমূহ কৃতি ছাত্র-ছাত্রী সকললৈ উপদেশমূলক ভাষণ প্ৰদান কৰি বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ( শিক্ষা) অনুপম ডেকাই কয় যে ছাত্র- ছাত্রী সকল হ'ল দেশৰ ভৱিষ্যৎ ৷ সেয়ে এটা সময়ত তেওঁলোকেও বিভিন্ন দায়িত্ব মূৰ পাতি ল'ব লাগিব ৷ গতিকে সকলোৱে নিজৰ নিজৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাৰ বাবে কঠোৰ পৰিশ্ৰমেৰে আগুৱাই গ'লে কৃতকাৰ্যতা লাভ নকৰাৰ কাৰণ নেথাকে । কিন্তু ইয়াৰ বাবে তেওঁলোকৰ লাগিব পৰিকল্পনা ৷ এই পৰিকল্পনা আৰম্ভনীৰে পৰা কৰি আগুৱাই যাব লাগিব ৷ ইপিনে সভাত উপস্থিত থকা বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে ছাত্র-ছাত্রী সকলৰ ভৱিষ্যত অগ্ৰগতি আৰু জীৱনৰ লক্ষ্য পথত উপনীত হোৱাৰ বাবে প্ৰস্তুতি সম্পৰ্কত ছাত্র-ছাত্রী সকলৰ সৈতে বাৰ্তালাপ কৰিব বিচৰাত ছাত্ৰ - ছাত্ৰীসকলে জিলা উপায়ুক্তগৰাকীক শিক্ষাৰ লগত জড়িত বিভিন্ন প্ৰশ্ন সোধাত তেওঁ থিতাতে উত্তৰসমূহ ডাঙি ধৰি সকলোকে অনুপ্ৰাণিত কৰি অনুষ্ঠানটো জীপাল কৰি তোলে । ছাত্ৰ- ছাত্ৰীসকলে মূলতে কেনেকৈ আগবাঢ়িলে জীৱনত সফলতা লাভ কৰিব পাৰি , সেই বিষয়ে অধিক জানিব বিচাৰে ৷ সেইদৰে ছাত্ৰ - ছাত্ৰীসকলে জিলা উপায়ুক্তগৰাকীয়ে কেনেকৈ আগবাঢ়ি নিজৰ লক্ষ্যত উপনীত হ'ল, সেই বিষয়েও প্ৰশ্ন কৰে ৷ জিলা উপায়ুক্তগৰাকীয়ে ছাত্র - ছাত্রীসকলক একো একোটা লক্ষ্য আগত ৰাখি আগবাঢ়ি যাবলৈ আহ্বান জনাই কয় যে লক্ষ্য থাকিলে সফলতা আহিবই ৷ লক্ষ্য বিহীনভাবে কোনেও সফলতা লাভ কৰিব নোৱাৰে । তাৰোপৰি যিটো হৈ গ'ল তাক ভাবি নাথাকি ইয়াৰ পিচত কেনেকৈ আগৱাঢ়িলে সফলতা লাভ পাৰি, সেয়া ভাবিব লাগে ৷ লগতে সদায় ছাত্ৰ- ছাত্ৰীসকলে নিজৰ পিতৃ- মাতৃ আৰু শিক্ষক - শিক্ষয়িত্ৰীসকলৰ কথা মানি চলিব লাগে বুলি কৈ কিবা সমস্যা হ'লে পিতৃ- মাতৃৰ লগত আলোচনা কৰি সেয়া সমাধান কৰিব লাগে বুলিও কয় ৷ তেওঁ সকলো বস্তুৰ ভাল আৰু বেয়া দুটা দিশ থাকে বুলি কৈ মোবাইল তথা ইন্টাৰনেট ভাল কামত ব্যৱহাৰ কৰিবলৈ ছাত্ৰ - ছাত্ৰীসকলক আহ্বান জনায় ৷ পৰাপক্ষত মোবাইল ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাই জিলা উপায়ুক্তগৰাকীয়ে কয় যে যদি প্ৰয়োজন হয়, তেতিয়াহলে নিজ পিতৃৰ মোবাইল ব্যৱহাৰ কৰক ৷ সেইদৰে পাঠ্য পুথিত নথকা বিষয়সমূহ জানিবলৈহে ইন্টাৰনেটৰ তথ্য ব্যৱহাৰ কৰিবলৈ কয় ৷ তেওঁ অহা বছৰ জিলাখনৰ ফলাফল ইয়াতকৈও কেনেকৈ ভাল কৰিব পাৰি আৰু ৰাজ্যখনৰ ভিতৰত প্ৰথম স্থানত থাকিব পাৰি তাৰ বাবে শিক্ষা বিভাগৰ লগত জড়িত সকলোকে যৎপৰোনাস্তি চেষ্টা চলাবলৈ আহ্বান জনায় ৷
উল্লেখ্য যে পংকজ শৰ্মাই আঁত ধৰা সম্বৰ্ধনা সভাত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ( বিজ্ঞান শাখা আৰু বৃত্তিমূলক পৰীক্ষা) ত জিলাখনৰ অন্তগৰ্ত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় , অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় ( বিজ্ঞান শাখা) , লেংটিছিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় ( বৃত্তিমূলক পৰীক্ষা) আৰু চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ( বিজ্ঞান শাখা) ৰ পৰা এশ শতাংশকৈ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বাবে বিদ্যালয় চাৰিখনৰ অধ্যক্ষ আৰু অধ্যক্ষাক এখনি ফুলাম গামোচা আৰু মানপত্রৰে সম্বৰ্ধনা জনোৱা হয়। আনহাতে জিলাখনৰ প্ৰাদেশীকৃত বিদ্যালয়সমূহৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সকলোতকৈ অধিক সংখ্যক ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হোৱা নোৱাগাওঁ হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকীকো সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ পিচতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যখনৰ ভিতৰত দশম স্থান লাভ কৰা বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ( ইংৰাজী মাধ্যম)ৰ ছাত্রী নিখিতা পাঠকক এখনি ফুলাম গামোচা আৰু মানপত্রৰে সম্বৰ্ধনা জনোৱা হয় । সকলোকে জিলা উপায়ুক্ত আদিল খানে সম্বৰ্ধনা জনায় ৷
অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিভিন্ন বিদ্যালয়ৰ মুঠ ১৩০ গৰাকী ছাত্ৰ - ছাত্ৰীকো গামোচা , মানপ্ৰত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়। ছাত্ৰ- ছাত্ৰীসকলক সভাত উপস্থিত থকা অতিথিসকলে সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানত ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া তথা সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতিম খনিকৰ , বিভিন্ন বিদ্যালয়ৰ শিক্ষক - শিক্ষয়েত্রী , ছাত্র - ছাত্রী আৰু তেওঁলোকৰ অভিভাৱক - অভিভাৱিকাসকলৰ উপৰিও শিক্ষা বিভাগৰ বিষয়া- কৰ্মচাৰ সকল উপস্থিত থাকে
- Log in to post comments
- 55 views