গোলাঘাটৰ প্ৰতিবেদক :
গোলাঘাটৰ দৈগ্ৰোং অঞ্চলৰ প্ৰাগ নিউজ চেনেলৰ প্ৰবীন সাংবাদিক অমূল্য দত্তৰ আজি এক পথ দূৰ্ঘটনাত মৃত্যু হ'য়। জানিব পৰা মতে , নিজৰ স্কুটীৰে আহি থকা অৱস্থাত সাংবাদিকজনক সন্মুখৰ পৰা খুন্দা মাৰে এখন ডাম্পাৰে।গুৰুতৰ ভাবে আহত অৱস্থাতে সাংবাদিক জনক ততাতৈয়াকৈ যোৰহাটৰ মেডিকেল কলেজলৈ লৈ যোৱা হৈছিল যদিওঁ মেডিকেলতে সাংবাদিক জনে শেষ নিশ্বাস ত্যাগ কৰে। সাংবাদিক দত্তৰ এনে আকস্মিক মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গোলাঘাটৰ সাংবাদিক মহলত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেখেতে পত্নী আৰু দুগৰাকী কন্যাক এই সংসাৰত এৰি থৈ যায়।
- Log in to post comments
- 12 views