বিশেষ প্ৰতিবেদক :
অসমৰ কৃষি খণ্ডত যান্ত্ৰিকীকৰণৰ সম্ভাৱনা আৰু সমস্যাসমূহ আলোচনা কৰাৰ উদ্দেশ্যে অসম কৃষি বিশ্ববিদ্যালয়ে আন্তৰ্জাতিক ধান গৱেষণা প্রতিষ্ঠান চমুকৈ ‘ইৰি’ৰ কাৰিকৰী সহযোগত, এপাৰ্ট আঁচনিৰ অধীনত যোৱা ১৫ আৰু ১৬ মে’, ২০১৯ তাৰিখে গুৱাহাটীৰ হোটেল লিলিত দুদিনীয়াকৈ এখনি কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ উদ্বোধনী সভাত আদৰণী ভাষণ প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ডঃ ৰূপম বৰগোহাঞিয়ে। ইৰিৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ সুধাংশু সিঙে অসমত যান্ত্ৰিকীকৰণৰ ক্ষেত্রখনৰ লগত ওড়িশাৰ কৃষি খণ্ডৰ এখনি তুলনামূলক ছবি দাঙি ধৰে আৰু অসমত যান্ত্ৰিকীকৰণৰ সম্ভাৱনীয়তা সম্পৰ্কে আলোচনা আগবঢ়ায়।
অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ডঃ অশোক কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকি এনে প্ৰচেষ্টাৰ শলাগ লয়। বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষাৰ সঞ্চালক ডঃ প্ৰসন্ন পাঠকে অসমত যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত এপার্টৰ ভূমিকা সম্পৰ্কে আলোচনা কৰে। অসমৰ পতিত মাটিসমূহত প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত যান্ত্ৰিকীকৰণে এক গুৰুত্বপূৰ্ণ ভমিকা গ্ৰহণ কৰিব পাৰে বুলি তেওঁ মত ব্যক্ত কৰে।
আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী তথা দক্ষিণ এছিয়াৰ প্ৰতিনিধি ডঃ নাফিজ মিঞাই ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলৰ যন্ত্ৰৰ ব্যৱহাৰৰ জৰিয়তে উৎপাদন বৃদ্ধিত গুৰুত্ত্ব প্ৰদান কৰে। এৰিয়াছ ছ’চাইটীৰ আঁচনি সঞ্চালক বিনোদ শেষাণে যুৱচামৰ মাজত কৃষিৰ প্ৰতি অনীহা চিন্তাৰ কাৰণ বুলি মত ব্যক্ত কৰে আৰু প্ৰযুক্তিসমূহ সম্প্ৰসাৰণৰ ক্ষেত্রত গুৰুত্ব দিবলৈ আহ্বান জনায়। কৰ্মশালাত FMTTIৰ সঞ্চালক ডঃ কে কে নাগলে, CIAE, ভূপালৰ সঞ্চালক এম ডিন, ইৰিৰ বিজ্ঞানী কৌৰ সিং সভাত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।
কৰ্মশালাত ইৰিৰ জ্যেষ্ঠ বিজ্ঞানী মাৰ্টিন গুমমেটে দলগত আলোচনা সঞ্চালনা কৰে। আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী, অসম চৰকাৰৰ কৃষি বিভাগৰ বিষয়া, এৰিয়াছৰ বিষয়া, মেচিন ডীলাৰ, প্ৰস্তুতকাৰী, কৃষক আৰু বিভিন্ন কৃষক সংঘৰ প্ৰতিনিধিয়ে আলোচনাত অংশগ্রহণ কৰে।
- Log in to post comments
- 20 views