কাইলৈ নলবাৰী আমনি জনকল্যান সংঘৰ  ৫৩ সংখ্যাক ৰঙালী বিহুৰ আয়োজন

bihu

নলবাৰীৰ পৰা হেমন্ত কলিতা ঃ

নলবাৰী জিলাৰ আমনি জনকল্যান সংঘৰ   উদ্যোগত আমনিত  ১৪ মে’ত দিন যোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উদ্‌যাপন কৰা হব ৷ কাৰ্যসূচী অনুসৰি ১৪ মে’ৰ ৰাতিপুৱা ৭ বজাত চাফাই ,৭-৩০ বজাত পতাকা উত্তোলন কৰিব ৰঙালী বিহু উদ্‌যাপন সমিতিৰ সভাপতি নৃপেন্দ্ৰ বর্মনে ৷ ৮ বজাত বজাত শ্বহীদ তৰ্পন ৷ ৮-৩০ বজাত গছপুলি ৰোপন ৷ ৯ বজাত বিভিন্ন খেল প্ৰতিযোগিতা ৷ ১০-৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা ৷ ১১ বজাত কুইজ প্ৰতিযোগিতা ৷ আবেলি ৪ বজাত বন্তি প্ৰজ্বলন ৷ সন্ধিয়া ৫ বজাত সম্বর্ধনা অনুষ্ঠান ৷  ৫-৩০ বজাত একক বিহু নৃত্য প্ৰতিযোগিতা ৷ নিশা ১০ বজাত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধন কৰিব বেলশৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কংকন মহন্তই ৷ চুমি কাকতি, ৰিদিপ নিশান আৰু নয়ন জ্যোতিৰ গীতৰে ৫৩ তম্ ৰঙালী বিহুৰ সামৰণি পৰিব ৷ৰঙালী বিহু উৎসৱ পৰিচালনা কৰাৰ অৰ্থে  নৃপেন্দ্ৰ বর্মনক সভাপতি , অনিৰুদ্ধ বর্মনক উপ সভাপতি,হিতেশ বর্মন, লক্ষেশ্বৰ বর্মনক সাধাৰন সম্পাদক, অংকুৰ বর্মন আৰু  ধ্ৰুৱজ্যোতি বর্মনক সহকাৰী সম্পাদক হিচাপে লৈ এখন বৃহৎ পৰিচালনা সমিতি গঠন কৰা হৈছে ৷

Your Comments