নৰেন শৰ্মা,বাহাৰঘাট, ১৪ মেঃ
অসম সাহিত্য সভাৰ স্বৰ্ণ শাখা বৰভাগ শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিবেশনখন বৰভাগ মহাবিদ্যালয়ত অহা ২৬ মেত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। কাৰ্যসূচী অনুসৰি সিদিনা ৰাতিপুৱা শাখা সভাৰ উপসভাপতি অচ্যুত পাটোৱাৰীয়ে সাহিত্য সভাৰ পতাকা উত্তোলনৰ পিছতে স্মৃতি তৰ্পণ কৰিব শাখা সভাৰ প্ৰাক্তন সভাপতি যোগেন্দ্ৰ গোস্বামীয়ে।
ইয়াৰ পিছতে কনক চন্দ্ৰ লহকৰে উদ্বোধন কৰিব প্ৰতিনিধি সভা। ৰাতিপুৱা ১০-৩০ বজাত বিধুভূষণ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা, সম্বৰ্ধনা অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচন। মুকলি সভা উদ্বোধন কৰিব বৰভাগ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইউনুচৰ ৰহমানে। উক্ত সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ প্ৰতিস্থাপক উপাচাৰ্য ডাঃ উমেশ চন্দ্ৰ শৰ্মাই।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নলবাৰী ৰত্ন ড°বসন্ত কুমাৰ ভট্টাচাৰ্য। অভিনন্দন গ্ৰন্থ উন্মোচন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁৱৰ উপাচাৰ্য ড°কন্দৰ্প কুমাৰ ডেকাই। সভাৰ মুখপত্ৰ উন্মোচন কৰিব শাখা সভাৰ প্ৰাক্তন সভাপতি ৰজত চন্দ্ৰ কলিতাই। উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাই। শেষত প্ৰীতি ভোজনেৰে অনুষ্ঠানৰ সামৰণি পেলাব ।
- Log in to post comments
- 13 views