ৰাজীৱ পাতিৰ, মাজুলী,১৪ মে:
মাজুলী গড়মূৰৰ সমীপত থকা লোহিত নৈৰ ওপৰত নিৰ্মিত বাঁহৰ দলংখন আজি বাঢ়নী পানীত উঠি যায় । ফলত লখিমপুৰ জিলাৰ লোহিত খাবলুৰ চল্লিশখন গাঁৱৰ লোকৰ যাতায়ত - যোগাযোগৰ বিচ্ছিন্ন হৈ পৰে। উল্লেখ্য যে লোহিতৰ বাঢ়নী পানীত উঠি অহা মেটেকাৰ তীব্র হেঁচাই আজি দিনৰ ডেৰ বজাত এই দলংখন উটুৱাই নিয়ে।
এই দলং খন উটুৱাই নিয়াৰ ফলত মাজুলীৰ এক বিশাল গ্ৰাম্যঅঞ্চলৰ অঞ্চলৰ ৰাইজৰ মাজুলী সদৰৰ লগত বেপাৰ-বাণিজ্য, চিকিৎসা,ছাত্র-ছাত্ৰীসকলৰ মাজুলীত অধ্যয়ন কৰাৰ উপৰিও দক্ষিণ দিশৰ লগত পোনপটীয়া যোগাযোগ ব্যাহত হৈ পৰিল । কেৱল লোহিত খাবলুবাসীয়ে নহয় মাজুলী ৰাইজৰো বহুখিনি অসুবিধা সৃষ্টি হৈছে এই দলংখন উটুৱাই নিয়াৰ ফলত। মাজুলী আৰু লখিমপুৰ জিলা দুখনৰ মাজত থকা একমাত্ৰ যাতায়ত যোগাযোগৰ বাঁহৰ দলংখন উঠি যোৱাৰ পিছত লোহিত খাবলুবাসীৰ মাজুলীৰ লগত পোনপটীয়া যাতায়ত সম্পূৰ্ণ ব্যাহত হৈ পৰিল ।
উল্লেখ্য যে আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ অধীনত পৰিচালিত এই ঘাটত যাত্ৰীৰ উপযোগী হোৱাকৈ দলংখন লেচী পক্ষই নিৰ্মাণ কৰি লৈছিল যদিও যোৱা তিনি সপ্তাহ ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত লোহিত নৈত বৃদ্ধি পোৱা জলস্তৰে দলংখন উটুৱাই নিয়ে । ফলত পোনপটীয়া যোগাযোগৰ একমাত্ৰ মাধ্যম মেচিন নাও ব্যৱহাৰ কৰিব লগীয়া হৈছে ৰাইজে। ইফালে লোহিত নদীৰ ওপৰত নিৰ্মিয়মাণ ১৭০ মিটাৰ দীঘল কাঠৰ দলংখনৰ নিৰ্মাণ কাৰ্য আসন্ন বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ নোহোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ।
- Log in to post comments
- 5 views