বঙাইগাঁওৰ ধাবাসমূহত চলি থকা অবৈধ সুৰাপান বন্ধ কৰিবলৈ আবকাৰী বিভাগক নিৰ্দেশ জিলা উপায়ুক্তৰ

bgn

  বঙাইগাঁওঃ১৪মেঃ

বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা আজি ( মঙলবাৰে)  জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলা পৰিবহণ বিষয়া ভাস্কৰজ্যোতি দত্তই উচ্চতম ন্যায়ালয়ৰ বিধিসমূহ দাঙি ধৰে আৰু সেইসমূহৰ ওপৰত আলোকপাত কৰি বঙাইগাঁও জিলাত সঘনাই ঘটি থকা দুৰ্ঘটনা আৰু তাৰ কাৰণসমূহ পৰ্যালোচনা কৰি দুৰ্ঘটনা ৰোধ কৰাৰ বাবে আলোচনা কৰা হয় ৷

 জিলা উপায়ুক্ত আদিল খানে জিলাখনত সঘনাই ঘটি থকা দুৰ্ঘটনাৰ বিষয়টো বিশেষ গুৰুত্ব সহকাৰে লয় আৰু উদ্বেগ প্ৰকাশ কৰি  সংশ্লিষ্ট বিভাগসমূহক কিছুমান নিৰ্দ্দেশ দিয়ে ৷ এই নিৰ্দ্দেশ অনুসৰি বিশেষকৈ Road owning -agency খিনিক দুৰ্ঘটনাৰ সম্ভাৱনা প্ৰৱণ এলেকাসমূহ চিনাক্ত কৰি তাৰ মেৰামতি কামসমূহ সম্পূৰ্ণ কৰি এসপ্তাহৰ ভিতৰত প্ৰস্তুতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ কয় ৷ তদুপৰি যিসকল বিভাগে এই আদেশ অমাণ্য কৰে তাৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও জনায় ৷ এই সভাত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ (এন এইচ এ আই) কৰ্তৃপক্ষই কয় যে ইতিমধ্যে ধাবাসমূহৰ সন্মুখত অবৈধভাৱে ট্ৰাক তথা যান - বাহন পাৰ্কিং কৰাটো বন্ধ কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছে আৰু যদি কোনো ধাবাৰ গৰাকীয়ে এই নিৰ্দ্দেশ অমান্য কৰে তেন্তে সেই ধাবাসমূহ চিল কৰি দিয়া হ’ব  ৷

ইপিনে এই ধাবাসমূহত চলি থকা অবৈধ সুৰাপান বন্ধ কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে আবকাৰী বিভাগক নিৰ্দ্দেশ দিয়ে ৷ ইয়াৰ উপৰিও যদি অবৈধভাৱে ধাবাৰগৰাকীসকলে অবৈধ সুৰা বিক্ৰী কৰি থাকে তেনেহলে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ বিভাগক ধাবাৰগৰাকীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ দিয়ে আৰু এজাহাৰ দাখিলৰ পিছত এই সন্দৰ্ভত আৰক্ষী বিভাগক যথা বিহিত ব্যৱস্থা ল'বলৈকো উপায়ুক্তগৰাকীয়ে নিৰ্দ্দেশ দিয়ে ৷bgn2

আনহাতে একাংশ বিভাগে দুৰ্ঘটনাৰ বিষয়টো গুৰুত্ব সহকাৰে নোলোৱা বাবে তেওঁলোকক কঠোৰ সতৰ্কবাণী দি সকীয়াই দিয়ে ৷এই সভাত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল , অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰীৰ লগতে আন বিভাগৰ বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে ।

Your Comments