বৰক্ষেত্ৰীৰ ৰামপুৰত জনতা দৰ্পণ আৰু চম্পাৱতী উন্মোচন

senga

চেঙাৰ পৰা সুৰজিৎ পাঠক :

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ  ৰামপুৰস্থিত জনতা হাইস্কুলত আজি  প্ৰাচীৰ পত্ৰিকা আৰু  আলোচনী উন্মোচনী সভা অনুষ্ঠিত হয়। ৰামপুৰস্থিত জনতা হাইস্কুলৰ জ্যেষ্ঠ শিক্ষক চামচুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক তথা কবি পদ্মধৰ দাসে। বিদ্যালয়খনৰ তৃতীয় সংখ্যা প্ৰাচীৰ পত্ৰিকা "জনতা দৰ্পণ" উন্মোচন কৰে  সশস্ত্ৰ সীমাবল( এচ এচ বি) অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শক নীলাম্বৰ বুঢ়াগোহাঁইয়ে।

ইয়াৰ পাছতেই কবি পদ্মধৰ দাসৰ সম্পাদনাত প্ৰকাশিত  চাৰিমহীয়া সাহিত্য-সংস্কৃতিমূলক আলোচনী "চম্পাৱতী"ৰ প্ৰস্তাৱনা  সংখ্যাটো আনুষ্ঠানিকভাৱে  উন্মোচন কৰে বিশিষ্ট লেখক প্ৰশান্ত কুমাৰ গোস্বামীয়ে।দুয়োগৰাকী উন্মোচকে ছাত্ৰ-ছাত্ৰীৰ উপযোগী হোৱাকৈ সাহিত্য-সংস্কৃতিৰ ওপৰত বক্তব্য প্ৰদান কৰে । অনুষ্ঠানৰ আৰম্ভণিতে এক সুমধুৰ সংগীত পৰিবেশন কৰে বিদ্যালয়খনৰ ছাত্ৰী ৰিচা আহমেদে। সভাখনত বিশিষ্ট নাট্যকাৰ- অৱসৰপ্ৰাপ্ত শিক্ষক উদয় বৰ্মনেও লোকগীত পৰিবেশন কৰি অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে । লেখক পৰিক্ষিত বৈশ্যই সাহিত্যৰ ওপৰত বক্তব্য প্ৰদান কৰে ।

সভাখনত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কালদি গোপালথান হাইস্কুলৰ প্ৰধান শিক্ষক তথা লেখক নগেন দাস, বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠক, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰত্নেশ্বৰ নাথ,শিক্ষয়িত্ৰী দিপালী নাথ, বিশিষ্ট সমাজসেৱক গোলক নাথ,বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সম্পাদিকা এচমিন জামান, ছাত্ৰ একতা সভাৰ তত্ত্বাৱধায়ক ৰবিউল হক, বিদ্যালয়খনৰ  ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীকে আদি কৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

Your Comments