আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ

asn

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই
 

শিৱসাগৰৰ সেনাৰ মাইবেলাস্থিত সেনা শিবিৰত  সোমবাৰে 'আলফা স্বাধীন'ৰ লেন্স কৰ্পৰেল ৰূপক দাস ওৰফে পদুম অসম নামৰ কেডাৰজনে আত্মসমৰ্পণ কৰে। শিৱসাগৰ জিলা আৰক্ষী, সেনাৰ ১৭ নং পেৰা ফিল্ড ৰেজিমেন্ট আৰু সেনাৰ চোৱাংচোৱাৰ সহযোগত আত্মসমৰ্পণ কৰে আলফা স্বাধীনৰ সদস্যজনে। 

 

আত্মসমৰ্পণ কৰা আলফা সদস্য পদুম অসমৰ ঘৰ শিৱসাগৰৰ দিচাংমুখৰ জেইল গাঁৱত। ৩১ বছৰীয়া পদুম অসমে ২০১০ চনত আলফাত যোগদান কৰিছিল। আত্মসমৰ্পণৰ সময়ত পদুম অসমে ছটা মাৰাণাস্ত্ৰ সেনাৰ হাতত জমা দিয়ে। সেনাই আত্মসমৰ্পণকাৰী আলফা কেডাৰজনক শিৱসাগৰ আৰক্ষীক চমজাই দিয়ে।

Your Comments