লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলামৰ প্ৰতিবেদন :
শুদ্ধ এন আৰ চি প্ৰস্তুত কৰণ, এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰা, ভুৱা আপত্তিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত আজি লাহৰীঘাটত এই আই ইউ ডি এফ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। লাহৰীঘাট বজাৰৰ পৰা দলটোৱে প্ৰতিবাদী সমদল উলিয়াই লাহৰীঘাট ৰাজহ চক্ৰ কাৰ্যালয়লৈ আহে। প্ৰতিবাদী সমদলত এন আৰ চিৰ নামত ভণ্ডামি বন্ধ কৰক,আপত্তিৰ নামত নিৰিহ লোকক কৰা হাৰাশাস্তি বন্ধ কৰক,ভুৱা আপত্তিকাৰীক উচিত শাস্তি প্ৰদান কৰক আদি বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে। এই প্ৰতিবাদী সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰে ধিং সমষ্টিৰ বিধায়ক হাজী আমিনুল ইছলাম আৰু এ আই ইউ ডি এফ দলৰ মৰিগাঁও জিলা সভাপতি ছিদ্দিক আহমেদ। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত দেখা দিয়া আসোঁৱাহসমূহ দূৰীকৰণৰ বাবে লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ এখনি স্মাৰক পত্ৰও প্ৰদান কৰে।
- Log in to post comments
- 17 views