চেঙা যুৱ সংঘৰ ৰঙালী বিহু উদযাপন

senga

চেঙাৰ পৰা সুৰজিৎ পাঠক : 


বৰপেটা জিলাৰ চেঙা শালদিয়া পাৰা যুৱ সংঘই প্ৰতি বছৰৰ দৰে এইবেলিও ব'হাগৰ এক আৰু দুই তাৰিখে জ্যেষ্ঠসকলক বিহুৱান প্ৰদান , শোভাযাত্ৰা আৰু বিভিন্ন খেল ধেমালিৰে ৰঙালী বিহুক আদৰাৰ  পিছত যোৱা ১০ আৰু ১১মে'ত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে  ৰঙালী বিহু উদযাপন কৰে । কাৰ্যসূচী অনুসৰি ১০ মে' আবেলি বয়োজ্যেষ্ঠ নাগৰিকৰে যুৱ সংঘৰ সদস্যসকলৰ এক অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় । সন্ধিয়া প্ৰয়াত হৰেন্দ্ৰ পাঠক সোঁৱৰণী বিহুনৃত্য প্ৰতিযোগিতা উদ্বোধন কৰে চেঙা আঞ্চলিক পঞ্চায়ত সদস্য অনিতা পাঠকে । তাৰ পিছতে বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । নিশা  চেঙা  গাঁও পঞ্চায়তৰ সভানেত্ৰী বিনীতা ৰয়ে উদ্বোধন কৰা নৃত্য প্ৰতিযোগিতাত কেইবাগৰাকী নৃত্য শিল্পীয়ে অংশগ্ৰহণ কৰে । উক্ত নিশাই স্থানীয় যুৱকৰ দ্বাৰা নাট্যকাৰ প্ৰকাশ মেধীৰ ৰচনা আৰু কিশোৰ পাঠক পৰিচালিত একাংকিকা নাট  ৰাৱন বধৰ ভাওনা মঞ্চস্থ হয় ।শেষৰ দিনা অৰ্থাৎ ১১মে' সন্ধিয়া খনীন্দ্ৰ ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অভিনেত্ৰী চেতনা দাসে  স্বভাৱসুলভ ভঙ্গীমাৰে অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে।মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজ সেৱক ৰবিউল হুছেইন , এপিজিচিএল অসমৰ সঞ্চালক শংকৰ চন্দ্ৰ দাস, প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ৰবেন্দ্ৰ দাস আৰু বিজেপি দলৰ বৰপেটা জিলা সমিতিৰ সাধাৰণত সম্পাদক নৱ কুমাৰ দাসে  ।চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাস, ৰাজীৱ লোচন , পংখীপ্ৰিয়া মেধীৰ লগতে স্থানীয় শিল্পীসকলে ।

Your Comments