হঠাৎ অহা এজাক ধুমুহাই জোকাৰি গ'ল সমগ্ৰ নলবাৰী জিলাক

dhumuha

                                                                                                                          বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন,১৩ এপ্ৰিলঃ

আজি দুপৰীয়া হঠাতে অহা এজাক প্ৰচণ্ড ধুমুহাই সমগ্ৰ নলবাৰী  জিলাখনকে কোবাই যায়। দুপৰীয়া তিনি মান বজাত হঠাতে অহা এই ধুমুহা জাকে নলবাৰী জিলাৰ বিভিন্ন ঠাইত উগ্ৰৰূপ ধাৰণ কৰি বিস্তৰ ক্ষতি সাধন কৰা পৰিলক্ষিত হয়।দিনৰ ভাগতে দিন-ৰাতি চিনিব নোৱাৰা এন্ধাৰ নামি অহাৰ সমান্তৰালভাৱে তীব্ৰ বৰষুণ আৰু বতাহ ধুমুহাৰ ফলত অঞ্চলটোৰ বহু লোকৰ ঘৰৰ টিঙৰ চালি উৰুৱাই নিযাৰ উপৰি গছ-গছনি উভালি পৰাৰ লগতে ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটায়ো উভালি পৰে।

Your Comments