নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ ৰীতা ক'ৰৰ আদালতে আজি ছয়জন লোকক যাৱজ্জীৱনকাৰাদণ্ডৰে দণ্ডিত কৰে।
জানিব পৰা মতে, এক হত্যাৰ গোচৰত অভিযুক্ত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা লোককেইজন হ'ল নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত দুই নং কান্দুলিমাৰী গাঁৱৰ আব্দুল হাকিম, ছাহেদ আলী, আজিজুল হক, আব্দুৰ ৰহিম আৰু মিঞা হুছেইন। আনহাতে আন এগৰাকী অভিযুক্ত হবিবুৰ ৰহমান স্থানীয় ৰৌমাৰী গাঁৱৰ । এই লোককেইজনে মিলি যোৱা ২০০৮ বৰ্ষৰ ১৩ এপ্ৰিলৰ সন্ধ্যা দুই নং কান্দুলিমাৰী গাঁৱৰ আজিবুৰ ৰহমান নামৰ লোকজনক ঘৰৰ পৰা মাতি নি হত্যা কৰি মাৰপাট খেতিৰ মাজত পুতি থৈছিল। ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনৰ পত্নী ৰুমেনা খাতুনে স্থানীয় ধিং আৰক্ষী থানাত দাখিল কৰা এজাহাৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২/২০১/৩৪ ধাৰাৰ অধীনত ৬১/২০০৮ নম্বৰত এক গোচৰ ৰুজু কৰি উল্লেখিত অভিযুক্ত কেইজনৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বিট দাখিল কৰিছিল।
চৰকাৰী অধিবক্তা বিভা ফুকনে গোচৰীয়া পক্ষৰ হৈ আদালতত চলোৱা সেই গোচৰ মৰ্মে আজি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে লোককেইজনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহে।
- Log in to post comments
- 4 views