শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন

sibsagar

কল্যাণজ্যোতি বুঢ়াগোহাঁই,শিৱসাগৰ

সমগ্ৰ বিশ্বৰ লগতে  শিৱসাগৰতো দেওবাৰে আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন কৰা হয়। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ লগতে , প্ৰগতি নাৰ্চিং হোম,আৰোগ্য নাৰ্চিংহোম, শৰ্মা নাৰ্চিং হোমৰ লগতে আন আন ব্যক্তিগত চিকিৎসালয়তয়ো আন্তৰ্জাতিক ধাত্ৰী  দিৱস পালন কৰা হয়। 

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰিচাৰিকা সকলৰ উদ্যোগত কালি চিকিৎসালয়ৰ চৌহদত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি চিকিৎসালয়খনৰ পৰিচাৰিকাসকলে ৰোগীসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে   শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰিপুন বৰপূজাৰী, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ ৰঞ্জিত হাজৰিকা,  ডিমৌ মডেল হস্পিতেলৰ অধীক্ষক ডাঃ ৰূপম বৰকাকতি, ডাঃ বিশ্বজিৎ দত্ত উপস্থিত থকাৰ লগতে চিকিৎসালয়খনৰ চিকিৎসক, পৰিচাৰিকা তথা কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে। 

অনুষ্ঠানত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ মুখ্য পৰিচাৰিকা   জ্যোতিকা গগৈয়ে ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰাৰ লগতে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰে আৰু  আন্তৰ্জাতিক ধাত্ৰী দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰে।

Your Comments