নগৰবেৰাত ধুমুহাত বিস্তৰ ক্ষতিসাধন 

st

নগৰবেৰাৰ পৰা আব্দুল ৰছিদ

 

নিশা নগৰবেৰাৰ ভিন্ন এলেকা কোবাই যায় ধুমুহাই।ধুমুহাৰ তাণ্ডৱত ধ্বংস হয় বহু আৱাস।উভালি পৰে গছ-গছনি।ছিগি পৰে বিদ্যুতৰ তাঁৰ।নিশাৰ এই কালধুমুহাত বিস্তৰ ক্ষতি হয় দোকুচি চৰকাৰী আদৰ্শ বিদ্যালয়ৰ। বিদ্যালয়গৃহৰ টিনপাত খহাই অন্য স্থানত পেলাইগৈ।

st2

ধুমুহাই বিদ্যালয়খনৰ ব্যাপক ক্ষতি কৰাত ব্যাহত হৈছে পাঠদান কাৰ্য।এনে পৰিস্থিতিত দুঃচিন্তাত পৰিছে শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকল।ক্ষয়ক্ষতিৰ বুজ লৈ উপযুক্ত ক্ষতিপূৰণ আদায় দিয়াৰ দাবী জনাইছে ৰাইজে।

Your Comments