নলবাৰী,১১মেঃ
নলবাৰী জিলাৰ বুঢ়ীনগৰ জনতা হাইস্কুল প্ৰাংগনত দেওবাৰে শিলগোঁসানী থান শাখা সাহিত্য সভাৰ উদ্যোগত কাশীমপুৰ বাপুজী এম. ই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক মহেশ্বৰ হালৈ দেৱৰ এখনি অভিনন্দন গ্ৰণ্হ উন্মোচন কৰা হয় । গ্ৰণ্হ খন উন্মোচন কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে ।উক্ত সভাত সভাপতিত্বত কৰে শিলগোঁসানী শাখা সাহিত্য সভাৰ সভাপতি প্ৰীয়নাথ বৰ্মনে । সভাত নলবাৰী হৰিমন্দিৰ সমিতিৰ সম্পাদক নগেন ডেকা,নলবাৰী সংস্কৃত মহাবিদ্যালয় অধ্যাপক দিনমনি ভাগবতী,কটন কলেজৰ প্ৰৱক্তা শংকৰ হালৈ,নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা,নাট্যকাৰ ধ্ৰৱজ্যোতি শৰ্ম্মা প্ৰমুক্ষে বহু বিশিষ্ট লোক উপস্হিত থাকে । উল্লেখ্য যে গ্ৰণ্হ উন্মোচনী সভাৰ লগত সংগতি ৰাখি কৃতি শিক্ষক মহেশ্বৰ হালৈ দেৱক বৃহওৰ নতুন দেহৰ অঞ্চলৰ কেইৱাটাও অনুষ্ঠানে ৰাজহুৱা ভাৱে সম্বৰ্ধনায়ো জনায়। সমগ্ৰ এই অনুষ্ঠানটোৰ অাঁত ধৰে অনিল দাসে ।
- Log in to post comments
- 6 views