হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
অলপতে হাইলাকান্দিত সংঘটিত বিক্ষিপ্ত সাম্প্ৰদায়িক হিংসাৰ দাবানলে যাতে উদালি অঞ্চলক কোনো পধ্যেই স্পৰ্শ কৰিব নোৱাৰে তাৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে দেওবাৰে উদালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ব্ৰজেন বৰাৰ নেতৃত্বত জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোককে সামৰি এখন শান্তি কমিটি গঠন কৰা হয়। সভাত উপস্থিত থকা সকলো ৰাইজৰ সহমতত সূৰ্য জ্যোতি গোস্বামীক সভাপতি আৰু কমৰুল ইছলাম বৰভূঞাক সাধাৰণ সম্পাদক হিচাপে লৈ ২০ জনীয়া কমিটিখন গঠন কৰা হয়। বৃহত্তৰ উদালী অঞ্চলত যাতে কোনো অপ-শক্তিয়ে গা কৰি উঠিব নোৱাৰে তালৈ লক্ষ্য ৰাখিব নৱ গঠিত এই কমিটিখনে।
- Log in to post comments
- 55 views