মাজুলীত মুখ্যমন্ত্ৰী সোনোৱাল,ভকত চাপৰিৰ খহনীয়া পৰিদৰ্শন:

sn

ৰাজীৱ পাতিৰ, মাজুলী,১২ মে:

মাজুলীৰ স্হানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দুপৰীয়া মাজুলীৰ ভকত চাপৰিত ব্ৰহ্মপুত্ৰ বোৰ্ডে খহনীয়া প্ৰতিৰোধ আঁচনিৰ অধীনত ৰূপায়ণ কৰা জিঅ' বেগ সংস্থাপন কাৰ্য পৰিদৰ্শন কৰে। মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ বিষয়া-অভিযন্তাক লগত লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিমাতিঘাটৰ পৰা ৰ'-ৰ' জাহাজেৰে আহি পোনে পোনে ভকত চাপৰি অংশত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কাম-কাজ চাবলৈ যায়। পৰিদৰ্শনৰ পাছতে মুখ্যমন্ত্ৰী সোণোৱালে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ আঁচনি ৰূপায়ণ কাৰ্যত  পৰিলক্ষিত হোৱা বিসংগতিক লৈ মুকলি অসন্তুষ্টি প্ৰকাশ কৰি সাংবাদিকৰ আগত কয় যে "ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কামৰ গুণমান ভাল হোৱা নাই।sn2

সেয়ে ভকত চাপৰিত খহনীয়াই এনে  অৱস্থা পাইছে। এই আঁচনিখনৰ কামত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ'ব। মই এই বিষয়ে লগে লগেই জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে বোৰ্ডক নিৰ্দেশ দিছো।" জিঅ' বেগ সংস্থাপনত হোৱা অনিয়ম আৰু বিসংগতি সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'মই মাজুলীবাসীৰ  প্ৰতিনিধি হিচাপে মাজুলীৰ ৰাইজৰ জীৱন-সম্পত্তিৰ সুৰক্ষাৰ দিশত যিকোনো পদক্ষেপ ল'বলৈ প্ৰস্তুত আছো।sn4

কোনোবা অভিযন্তাই কামত যদি গাফিলতি কৰিছে তেন্তে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষক কৈছো। বোৰ্ডে কাম ভালদৰে কৰিবই লাগিব। ইয়াত ফাঁকি মাৰিলে নহ'ব।' উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত ইতিমধ্যে বোৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱে নতুন দিল্লীৰ পৰা যোৱা ৯ মে'ত ভকত চাপৰিলৈ আহি ক্ষতিগ্ৰস্ত অংশৰ অৱস্থা চাই যায়।

Your Comments