নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
'বিহু চহা লোকৰ উচ্চস্তৰীয় লোককলা । সেয়ে এই বিহুক অবাটে যোৱাৰ পৰা ৰক্ষা কৰিব লাগিব । আমি ইয়াৰ বাবে মূল শিপা ধৰি ৰাখিব লাগিব । যিহেতু বিহুতে লুকাই আছে অসমীয়াৰ আত্মা ।' - এই মন্তব্য বিহু বিশেষজ্ঞ বিষ্ণুৰাম মেধিৰ ।
নগাঁৱৰ বৰক'লাত 'প্ৰয়াস' নামৰ অনুষ্ঠানটোৰ উদ্যোগত অনুষ্ঠিত মুকলি বিহু উদ্ধোধন কৰি এই মন্তব্য প্ৰদান কৰে লোক কলা-কৃষ্টিৰ সাধক মেধিয়ে । প্ৰসংগক্ৰমে তেওঁ পৃথিৱীৰ সকলো লোকসংগীতৰ ভিতৰত বিহুতেই সৰহসংখ্যক লোকবাদ্য সংগত কৰা হয় বুলি মন্তব্য কৰাৰ লগতে আন কোনো লোকসংগীতত এয়া দেখিবলৈ পোৱা নাযায় বুলি উল্লেখ কৰে । বিগত কেইবাদিনো ধৰি নগাঁৱৰ ঐতিহ্যমণ্ডিত বৰক'লাত অনুষ্ঠিত হৈ থকা বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান উপলক্ষে আজি বিয়লি বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ বকুল গছৰ তলত অনুষ্ঠিত হয় এই মুকলি বিহু ।
এই মুকলি বিহুৰ প্ৰাকমুহূতৰ্ত অনুষ্ঠিত হয় এক বিশেষ অন্তৰংগ অনুষ্ঠানো । বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙৰ সঞ্চালনাত অনুষ্ঠিত এই অন্তৰংগ অনুষ্ঠানত শিল্পী জিতু শ্ৰাৱনে ড:ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰাৰ বিপৰীতে মঞ্চ অভিনেতা পদ্ম বৰাই নাটকৰ সংলাপ পৰিৱেশন কৰে । বৃহত্তৰ বৰক'লা অঞ্চলৰ সহস্ৰাধিক নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত এই মুকলি বিহুত নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ কেইবাটিও বিহু দলে মুকলি বিহু পৰিৱেশন কৰে ।
সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই আঁত ধৰা এই মুকলি বিহুৰ অনুষ্ঠানতে বিহুসুৰীয়া গীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে মৰিগাঁৱৰ ধৰমতুলৰ উদীয়মান শিল্পী সুদীপ্ত ডেকাই । ৰহাৰ সৰাগাঁৱৰ ৰূপজ্যোতি বিহুৱা দলৰ অনুষ্ঠানৰে এই বিহু উৎসৱৰ সফল পৰিসমাপ্তি ঘটে ।
স্মৰ্তব্য যে আঠটাকৈ সম্প্ৰদায়ে সম্প্ৰীতিৰে বসবাস কৰা বৰক'লা অঞ্চলটোৰ সাংস্কৃতিক সমন্বয়ৰ সেঁতু "প্ৰয়াস"ৰ উদ্যোগত আৰু বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৃষ্ঠপোষকতাত
বিগত পাঁচদিন ধৰি অনুষ্ঠিত হৈ থকা বিহু কৰ্মশালাৰ সামৰণি অংশ হিচাপে শনিবাৰে বিয়লি অঞ্চলৰ ছটাকৈ স্থানত পৰিবেশন কৰা হয় "বাটৰ
বিহু" । কৰ্মশালাত অংশগ্ৰহণ কৰা চাৰি কুৰিৰো অধিক প্ৰশিক্ষাৰ্থীক লৈ পৰিবেশন কৰা এই "বাটৰ বিহু"য়ে ইতিহাস বিজড়িত হাৰিয়া নৈৰ পাৰে পাৰে উছাহৰ ধল বোৱাবলৈ সক্ষম হয় ।
আৰম্ভণিতে বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ বকুল তলত "প্ৰয়াস"ৰ সভাপতি যোগ প্ৰসাদ বৰদলৈয়ে পতাকা উত্তোলন কৰাৰ পিছতেই "বাটৰ বিহু" আনুষ্ঠানিকভাবে উদ্বোধন কৰে সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই । উদ্বোধনী ভাষণত সাংবাদিক বৰাই অসমীয়া জাতি ৰক্ষা কৰিবলৈ হ'লে বিহুকো জীয়াই ৰাখিব লাগিব বুলি উল্লেখ কৰাৰ লগতে বিহুক সমাজ সংগঠিত কৰাৰ এক অন্যতম উপাদান বুলি অভিহিত কৰে ।
বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা "প্ৰয়াস"ৰ উপদেষ্টা প্ৰতাপ সিঙে আদৰণি ভাষণ আগবঢ়োৱা "বাটৰ বিহু" বিদ্যালয়ৰ চৌহদৰ বকুলতলৰ পৰা আৰম্ভ হৈ ক্ৰমান্বয়ে বৈদ্য পুখুৰী পাৰ,
পূৱ বৰক'লাৰ যুৰীয়া আঁহতৰ তল,পালেংতলীৰ যোৰ পুখুৰীৰ পাৰ, হীৰা গাঁৱৰ নামঘৰৰ চৌহদ,আদৰ্শ লালুং গাঁৱৰ বিহুতলী পথাৰ আৰু কচুৱৈ গুৰিৰ মুকলি পথাৰত শেষ হয় । উল্লেখযোগ্য যে পাঁচদিনীয়া এই বিহু কৰ্মশালাত প্ৰশিক্ষকৰূপে মৰিগাঁও জিলাৰ ধৰমতুলৰ শিল্পী সুদ্দীপ্ত ডেকা,হৰেণ দাস, গৌৰৱ ডেকা,বিকাশ দাস, ৰঞ্জু দাসৰ লগতে "প্ৰয়াস"ৰ কেইজনমান সদস্য-সদস্যাই প্ৰশিক্ষণ প্ৰদান কৰে ।
- Log in to post comments
- 46 views