ননৈ আৰক্ষীৰ তালাচীত জব্দ আগৰভৰ্তি বাহন
নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও জিলাৰ ননৈ আৰক্ষী চকীৰ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত শনিবাৰে বিয়লি ৰূপহীৰ পৰা হোজাই অভিমুখে আহি থকা এখন টাটা মেজিক ভানত আগৰ কঢ়িয়াই অনাৰ সময়ত আৰক্ষীৰ হাতত ধৰা পৰে।ননৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাধাকান্ত দাসৰ তৎপৰতাত এ এচ ০২ বি চি ৭৮৩৭ নম্বৰৰ বাহনখনত চোৰাংভাৱে আগৰ গছৰ কুণ্ডা কঢ়িয়াই অনাৰ খবৰ লাভ কৰি অভিযান চলাই বাহনখন জব্দ কৰিবলৈ সক্ষম হয়।জব্দকৃত বাহনখন আৰক্ষীয়ে কঠীয়াতলী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন বিষয়াক চমজাই দিয়ে।
উল্লেখ্য যে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তথা বৰঘাট বাইপাচ পথেৰে দীৰ্ঘদিন ধৰি এনেদৰে চোৰাংভাৱে বিভিন্ন মূল্যবান বনজ সম্পদ চোৰাংভাৱে কঢ়িয়াই আনিছিল।বন বিভাগৰ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি চোৰাংভাৱে বিভিন্ন মূল্যৱান সামগ্ৰী দিনে-নিশাই কঢ়িয়াই আনিছিল যদিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।
বিশেষকৈ এইক্ষেত্ৰত নগাঁও সংমণ্ডল বন বিষয়াগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই দিনক-দিনে এনেধৰণৰ চোৰাং ব্যৱসায় বৃদ্ধি পাই আহিছে বুলি অভিযোগ উঠিছে।
- Log in to post comments
- 10 views