প্ৰাক্তন বিধায়ক প্ৰয়াত প্ৰবীণ কুমাৰ গগৈৰ সহধৰ্মিনী উপাসনা গগৈৰ আকস্মিক মৃত্যু

khumtai

 গোলাঘাট ,১২ মে' :

খুমটাই সমষ্টিৰ  প্ৰাক্তন বিধায়ক তথা অ গ প দলৰ অন্যতম  শক্তিশালী কৰ্মী প্ৰয়াত প্ৰবীন গগৈৰ সহধৰ্মিনী উপাসনা গগৈয়ে আজি পুৱতি নিশা ১-৫০ বজাত আকস্মিক ভাৱে মৃত্যুক আকোৱালি ল'য়। উপাসনা গগৈয়ে কালি নিশাৰ ভাগত  হঠাৎ অসুস্থ অনুভৱ কৰাত  ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিওঁ পুৱতি নিশা সমাজকৰ্মী উপাসনা গগৈয়ে মৃত্যুক সাৱটি লয়। চিকিৎসকে জনোৱা মতে, হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এই জনপ্ৰিয় নেতাপত্নী গৰাকীৰ  মৃত্যু হ'য়।  আজি ৰাতিপুৱা  মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে  গুণমুগ্ধসকলে গোলাঘাট চন্দন নগৰস্থ বাসগৃহত উপস্থিত হৈ প্ৰয়াত বিধায়কজনৰ জনপ্ৰিয় পত্নী গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Your Comments