নলবাৰীত আধাৰশিলা হ'ল পিছে আজিকোপতি দলঙহে  নিৰ্মাণ নহ'ল

nalbari

নলবাৰীৰ  পৰা হেমন্ত কলিতাঃ

বাৰিষা আহিলেই ৰাস্তাঘাটৰ সমস্যাই লগ নেৰে নলবাৰী জিলাৰ বৰটাৰী হাৰিভংগা অঞ্চলৰ ৰাইজক। বাট পথৰ সমস্যাৰ বাবে অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভূগি আহিছে আজি দীৰ্ঘদিনৰ পৰা।  নলবাৰী জিলাৰ হাৰিভাঙ্গাৰ সমীপৰ বৰটাৰী-বৰপীত পথৰ ওপৰত আৰ চি চিৰ দলং নিৰ্মাণৰ আধাৰশিলা কৰাৰ আজি তিনি মাহ অতিক্ৰম কৰাৰ পিছতো এতিয়ালৈ দলং নিৰ্মাণৰ নামত এটুকুৰা শিলো নপৰাত সমগ্ৰ অঞ্চলজুৰি ৰাইজ ক্ষুদ্ধ হৈ পৰিছে।

ইফালে সুদীৰ্ঘ দিন ধৰি পাটাছাৰকুছি সমষ্টিৰ সমীপৱৰ্তী বৰমা সমষ্টিৰ অন্তৰ্গত বৰটাৰী-বৰপীট পথৰ ওপৰত জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে ৰাইজে যাতায়ত কৰি নৰক-যন্ত্ৰনা ভোগ কৰি আহিছে। বিভাগীয়ভাৱে বিভিন্ন আবেদন নিবেদন কৰাৰ পিছত স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মই চলিত বৰ্ষৰ ২৯ জানুৱাৰীত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ 'মহাবীৰ লাচিত চিলাৰায় সেঁতু নিৰ্মাণ আচনি'ৰ অধীনত বৰটাৰী-বৰপীত পথৰ ওপৰত ২১/১ নং পকী দলং(আৰ চি চি) নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল৷ কিন্তু সেই আধাৰশিলা হ'ল ঠিকেই।

পিছে দলং নিৰ্মাণৰ কামহে আজি পর্যন্ত আৰম্ভই নহ'ল। যাৰ ফলতো ক্ষুদ্ধ হৈ আছে সৰ্বসাধাৰণ ৰাইজ। গতিকে স্থানীয় ৰাইজে শীঘ্ৰেই এই দলঙৰ কাম সম্পূৰ্ণ কৰিবলৈ আহবান জনাইছে বিভাগীয়ভাৱে।

Your Comments