নৰেন শৰ্মা,বাহাৰঘাট :
ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ বৰপূল্লাস্থিত বিকাশ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিবেশন আৰু বঁটাবিতৰণী সভাখন শনিবাৰে দিনৰ ভাগত বিদ্যালয় প্ৰাংগনত অনুস্থিত হয়৷ তদুপলক্ষে পশ্চিম বড়িগোগ আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰামদত্ত লহকৰৰ সভাপতিত্বত অনুস্থিত সভাত প:ব: আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা ভবেশ চন্দ্ৰ বৈশ্যই নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি কয় যে ছাত্ৰছাত্ৰীৰ বৈদ্ধিক তথা মানসিক বিকাশত শিক্ষকতকৈ অভিভাৱকে বেচি গুৰুত্ব দিব লাগে৷তেতিয়া ছাত্ৰছাত্ৰী সকলে সৰ্বদিশতে উন্নত পাৰদৰ্শিতা দেখুৱাব পাৰে৷ সভাত আন এজন অতিথি হিচাবে সাংবাদিক নৰেন শৰ্মাই কয় যে শিশু তথা কৈশোৰ অৱস্থাৰ ছাত্ৰছাত্ৰী সকলৰ ক্ষেত্ৰত আতাইতকৈ ডাঙৰ মনোবিজ্ঞানী হল মাতৃ৷ মাতৃ সকলে এইসকল শিক্ষাৰ্থীৰ মুখলৈ চায় সকলো সুখ দুখৰ উমান লব পাৰে৷ আনহাতে সভাত আন এজন আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকি কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰনী চৰণ কলিতাই কয় যে নিজৰ সন্তানৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ অভিভাৱকে চৰকাৰী বিদ্যালয়ৰ পৰিবৰ্তে বেচৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হৈছে৷সভাত প:ব: আঞ্চলিক কলেজৰ গ্ৰন্থগাৰিক ড°লতিকা দেৱী,প:ব: শাখা সাহিত্য সভাৰ সম্পাদক হৰমোহন কলিতাই ও অংশগ্ৰহণ কৰে৷ অচ্যুত লহকৰে আতধৰা সভাখনত বিদ্যালয় খনৰ ছাত্ৰছাত্ৰী সকলৰ পৰাও হিন্দী,ইংৰাজী আৰু অসমীয়াত বক্তব্য ৰাখে৷ বিভিন্ন গীতমাত,কবিতা আবৃত্তি,নৃত্য আদিৰে জিপাল কৰা সভাখনত ছাত্ৰছাত্ৰী সকলৰ ভিতৰত বৈদ্ধিক আৰু শাৰিৰীক পাৰদৰ্শিতা দেখুৱাই যোগ্যতা অৰ্জন কৰা সকলক পুৰস্কাৰ বিতৰণ কৰে৷
- Log in to post comments
- 28 views